ঈদ পালন কৰিবলৈ কি নিৰ্দেশনা নতুন SOP ত..

ঈদ পালন কৰিবলৈ কি নিৰ্দেশনা নতুন SOP ত..

ডিজিটেল ডেস্কঃ কোভিডৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিলে নতুন SOP। পুনৰ এসপ্তাহৰ বাবে জাৰি কৰা এই এছ অ' পিত আগন্তুক ঈদৰ প্ৰতি দিয়া হৈছে বিশেষ নিৰ্দেশনা। এছ অ' পি প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোভিডৰ বাবে ঈদ উদযাপন কৰোতে চৰকাৰে জাৰি কৰা নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায়।

ঈদৰ নামাজ পঢ়াৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশ অনুসৰি ৫ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব মছজিদত। লগতে স্বাস্থ্য মন্ত্ৰী মহন্তই ঘৰৰ পৰাই নামাজ পঢ়িবলৈ অনুৰোধ কৰে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ঈদৰ আগতীয়াকৈ শুভেচ্ছাও জ্ঞাপন কৰে ইছলামধৰ্মী লোকসকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in