শেহতীয়া খবৰ
জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...  •  ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO

 ১৫ আগষ্টত কাৰ কি ছবি আহিব ছবিঘৰলৈ?

405

ডিজিটেল ডেস্কঃ বিগ বাজেটৰ ছবিসমূহৰ মুক্তিৰ দিন অতি সাৱধানে ঠিক কৰা হয়। প্ৰযোজক-পৰিচালকৰ এটা লক্ষ্য যাতে ছবিখনে লোকচানৰ সন্মুখীন হ’ব লগা নহয়। কিন্তু বহুবাৰেই অংক নিমিলে।

একেটা দিনটে ছবিঘৰত মুক্তি পাই কেইবাখনো বিগ বাজেটৰ ছবিয়ে। ঠিক তেনেকৈয়ে সমাগত স্বাধীনতা দিৱসতো মুক্তি পাব দুখনকৈ বিগ বাজেটৰ ছবি ‘গ’ল্ড’ আৰু ‘সত্য মেৱ জয়তে’।

ইয়াৰ লগতে দেউল পৰিয়ালৰ ‘য়মলা পাগলা দীৱনা ৩’ মুক্তি পোৱাৰ কথা আছিল যদিও ৩১ আগষ্টলৈ ছবিখনৰ মুক্তিৰ দিন পিছুওৱা হৈছে।

মুক্তি পাবলগীয়া ‘গ’ল্ড’ ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰে। স্বাধীনতাৰ পিছত দেশে হকী খেলত লাভ কৰা প্ৰথমটো সোণৰ পদক লাভ কৰা কাহিনীক আঁত ধৰি নিৰ্মান কৰা হৈছে ছবিখন।

অক্ষয় কুমাৰে এই ছবিখনত ভাৰতীয় হকী দলৰ মেনেজাৰৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ প’ষ্টাৰ আৰু ট্ৰেইলাৰ ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছে।

ইয়াৰ বিপৰীতে ‘সত্য মেৱ জয়তে’ত অভিনয় কৰিছে জন আব্ৰাহমে। ছবিখন একশ্যন আৰু মনোৰঞ্জনধৰ্মী যদিও সমাজত চলি থকা ভ্ৰষ্টাচাৰক এক জলন্ত সমস্যা হিচাপে দেখুওৱা হৈছে। দুয়োখন ছবিয়েই দেশভক্তিৰ ভিন্ন সোৱাদ লৈ ছবিঘৰলৈ আহিব যদিও দৰ্শকে কোনখনক আদৰি লয় সেয়া সময়েহে ক’ব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি