নিউ গুৱাহাটীৰ সন্ধি পূজাৰ মনোৰম দৃশ্য, প্লাষ্টিক বৰ্জনৰ সংকল্প…

নিউ গুৱাহাটীৰ সন্ধি পূজাৰ মনোৰম দৃশ্য, প্লাষ্টিক বৰ্জনৰ সংকল্প…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহাষ্টমী আৰু সন্ধিপূজাৰ দিনা দেওবাৰে নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা মণ্ডপত পুৱা ১০ বজাৰ পৰাই দেখা গল অগণন ভক্তৰ ভিৰ। দুই শতাধিক ভোগদাতা পূজাপৰ পুৰুহিতে সংকল্প মন্ত্ৰ পাঠ কৰোৱাৰ পিচত সহস্ৰাধিক ভক্তই পুষ্পাঞ্জলি প্ৰদান কৰে।

ইয়াৰ পাচতে ১২.৪২ বজাৰ পৰা ১.৪২ বজাৰ লৈকে সকলো ভক্তই ১০৮ গচকৈ বন্তি প্ৰজ্বলন কৰা সন্ধি পূজাৰ দৃশ্য আছিল অতি মনোৰম। এই ভক্তসকলক আশীষ-নিৰ্মালী প্ৰদান কৰাৰ সমান্তৰালভাৱে পূজাৰ অন্তত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়।

উল্লেখ্য যে, দেওবাৰে প্ৰায় ২ সহস্ৰাধিক ভক্তই নিউ নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাস্থলীত ভোগ গ্ৰহণ কৰে। কেৱল এয়াই নহয়, পূজাত ভোগ আৰু শৰাই আগবঢ়োৱা সকলো লোকৰ ঘৰলৈ সুকীয়াকৈ ভোগ দিয়াৰ দিহা কৰা হয়।

লক্ষ্যণীয়ভাৱে, নিউ গুৱাহাটী গণেশ মন্দিৰ পথৰ এই পূজাত এইবেলি সম্পূৰ্মৰূপে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰি কাগজৰ সামগ্ৰীত ভক্তক প্ৰদান কৰা হয় ভোগ-প্ৰসাদ। ইয়াৰোপৰি প্ৰসাদ ঘৰলৈ নিবৰ বাবে সমিতিৰ ফালৰ পৰা যোগান ধৰা হয় কাপোৰৰ মোনা।

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে ব্যৱহাৰ কৰা এই কাপোৰৰ মোনাত লিখা হৈছে যে-প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ প্ৰয়াসেৰে এখোজ।

১১ বছৰত ভৰি দিয়া এই পূজাখনে বিগত বছৰবোৰৰ দৰেই জাক জমকতা পৰিহাৰ কৰি থলুৱা লোক-কৃষ্টিৰ সমাহাৰেৰে সম্পূৰ্ণ আধ্যাত্মিক আৰু শৃংখলাৱদ্ধ পৰিৱেশত পূজাভাগি অনুষ্ঠিত কৰিছে।

সন্ধিয়াৰ আৰতী।
সন্ধিয়াৰ আৰতী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in