মহাকাশলৈ স্পেচ যানঃ উৎক্ষেপণৰ ১৭মিনিটৰ পূৰ্বে নাছাই কিয় বন্ধ কৰিছিল এই মহাকাশ যাত্ৰা…

মহাকাশলৈ স্পেচ যানঃ উৎক্ষেপণৰ ১৭মিনিটৰ পূৰ্বে নাছাই কিয় বন্ধ কৰিছিল এই মহাকাশ যাত্ৰা…

ডিজিটেল ডেস্কঃ ৰেকৰ্ড ভংগ, ইতিহাস সৃষ্টিৰ বাবেই যেন বিজ্ঞান তথা প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন। এই দ্ৰুতগতিৰ সৈতে খোজত খোজ মিলাইয়ে শনিবাৰে নিশা আন্তৰাষ্ট্ৰীয় মহাকাশচাৰী সংস্থা নাছা আৰু ব্যক্তিগত প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান স্পেচএক্স সৃষ্টি কৰিলে ইতিহাসৰ। এক কথাত কবলৈ গলে ৩০ মে' ২০২০ৰ দিনটো মহাকাশ বিজ্ঞানত সোণালী আখৰেৰে লিপিৱদ্ধ হৈ ৰ'ল।

যোৱা শনিবাৰে ১২ বাজি ৫২ মিনিট(ভাৰতীয় সময়)ত নাছা আৰু স্পেচএক্সয়ে যুটীয়াভাৱে মহাকাশলৈ প্ৰেৰণ কৰে স্পেচকাফ্ট (ক্ৰু ড্ৰেগন) নামৰ মহাকাশ যানখন। কেৱল মহাকাশ যানেই নহয়, ইয়াৰ সৈতে মহাকাশলৈ যাত্ৰা কৰিছে দুগৰাকী মহাকাশচাৰী। প্ৰায় ১৯ঘন্টীয়া এই মহাকাশ যাত্ৰা আৰম্ভ হয় আমেৰিকাৰ জন এফ কেনেডী স্পেচ চেন্টাৰৰ পৰা। উল্লেখ্য যে, ৯ বছৰৰ পাছত আমেৰিকাৰ মাটিৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছে মহাকাশ যান। যাৰ বাবে এই মিছনক নামাকৰণ কৰা হৈঠে 'লাঞ্চ আমেৰিকা' হিচাপে।

স্পেচকাফ্টৰ উৎক্ষেপণ যোৱা তিনিদিনৰ আগতেই কৰাৰ যোজা কৰা হৈছিল যদিও বতৰৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। বৃষ্টিপাত, ঘন মেঘ আৰু বিজুলীৰ বাবে ১৭ মিনিটৰ পূৰ্বে এই যাত্ৰা বন্ধ কৰা হৈছিল। তিনিদিনৰ আগতে নাছাই এই যাত্ৰা বন্ধ কৰি কৈছিল যে, মহাকাশলৈ যাব লগা ক্ৰু মেম্বাৰৰ সুৰক্ষা আমাৰ প্ৰথম আৰু প্ৰধান দায়িত্ব।'

এই মহাকাশ যান সেই স্থানৰে পৰা উৎক্ষেপন কৰা হৈছে যি স্থানৰ পৰা ৫০ বছৰৰ আগেয়ে এপল মুন মিছনক যাত্ৰা আৰম্ভ হৈছিল। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, স্পেচকাফ্টৰ মহাকাশ যাত্ৰা স্পেচএক্সৰ প্ৰতিষ্ঠাপক এলেন মস্কৰ এটা সপোনৰ প্ৰজেক্ট আছিল, যিটো শনিবাৰে নিশা দিঠকত পৰিণত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in