নতুন দিল্লীত এন এছ চি এন মুইভা গোটৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা…

নতুন দিল্লীত এন এছ চি এন মুইভা গোটৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনা…

ডিজিটেল সংবাদ, ৱাখাঃ সুদীৰ্ঘ ৯ মাহৰ বিৰতিৰ অন্তত সোমবাৰে পুনৰ ৰাজধানী নতুন দিল্লীত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চূড়ান্ত নগা চুক্তিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ডিমাপুৰৰ কেম্প হেব্ৰনৰ এন এছ চি এনৰ এক শীৰ্ষ নেতৃত্বই 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এই প্ৰতিবেদকক জানিবলৈ দিয়ামতে সোমবাৰ বৈঠকখন মূলতঃ দুয়ো পক্ষৰ মাজত পুনৰ বিশ্বাস গঢ়ি তোলাৰ আৰু নগা শান্তি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

উল্লেখযোগ্য যে, যোৱা মাহত যুদ্ধ বিৰতি গ্ৰাউণ্ড ৰুল ভংগ কৰি অৰুণাচল প্ৰদেশত ছয়জনকৈ এন এছ চি এনৰ শীৰ্ষ কেডাৰক সেনাই হত্যা কৰাৰ পিছত আৰ এন ৰবিৰ ভূমিকাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল । জানিব পৰামতে সোমবাৰৰ বৈঠকখনত নগা শান্তি আলোচনাৰ পৰৱৰ্তী বৈঠকসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সোমবাৰৰ বৈঠকত এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা , সামূহিক নেতৃত্বত সদস্য ক্ৰমে ভি এছ অটেম, আৰ এইচ ৰেইচিঙ, এ পুনি , ভিকিয়ে অৱমী, টি টি অমঙ, ইমছেবা, মেয়ঙ ফম, জেৰিছ নয়েথ, কাৰাইবো ছাৱাঙে অংশ লোৱাৰ বিপৰীতে ভাৰত চৰকাৰৰ হৈ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত সঞ্চালক এ কে মিশ্ৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক অৰবিন্দ সিঙে ভাগ লয় ।

উল্লেখযোগ্য যে সোমবাৰৰ নগা শান্তি আলোচনাত কেন্দ্ৰীয় চৰকাৰৰ মধ্যস্ততাকাৰীৰ আৰ এন ৰবি উপস্থিত নাছিল । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে এন এছ চি এন মুইভা গোটক সোমবাৰে আলোচনাৰ বাবে নতুন দিল্লীলৈ নিমন্ত্ৰণ জনাইছিল । ইফালে নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰীৰ আৰ এন ৰবিৰ শেহতীয়া ভূমিকা বিৰ্তক সৃষ্টি হোৱাত নগা নাগৰিক সংগঠন সমূহে চূড়ান্ত চুক্তি স্বাক্ষৰ বাবে নতুন মধ্যস্ততাকাৰীৰ নিযুক্তিৰ বাবে দাবী কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in