শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

নতুন দিল্লীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়ালে নুপুৰ বৰ্মনে…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ নতুন দিল্লীত অনুষ্ঠিত হোৱা ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসত কোকৰাঝাৰৰ নুপুৰ বৰ্মনে উত্তৰ পূৰ্বাঞ্চলৰ হৈ অংশগ্ৰহণ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে ৷ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰী নুপুৰ বৰ্মনে ধুবুৰীস্থিত সপ্তম এনচিচিৰ পৰা নিৰ্বাচিত হৈ অংশগ্ৰহণ কৰিছিল ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৩০ জনীয়া প্ৰতিনিধি দলটোত অসমৰ সাত গৰাকী কেডাৰে অংশগ্ৰহণ কৰিছিল ৷ অসমৰ সাত জনীয়া দলটোত নুপুৰ বৰ্মনো অংশগ্ৰহণ কৰাৰ সুুযোগ লাভ কৰে ৷ নুপুৰ বৰ্মন কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী চৰাইখোলাৰ দীপজ্যোতি বৰ্মন আৰু শোভা বৰ্মনৰ কন্যা ৷