বিহালীত মানৱতাৰ ভূ-লুন্ঠন! সদ্যজাত শিশুৰ মৃতদেহক লৈ ৰাজপথত টনা-আজোৰা কুকুৰৰ

বিহালীত মানৱতাৰ ভূ-লুন্ঠন! সদ্যজাত শিশুৰ মৃতদেহক লৈ ৰাজপথত টনা-আজোৰা কুকুৰৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ আধুনিকতাৰ পৰা উত্তৰ আধুনিকতাত আৰোহণ কৰা উচ্চ শিক্ষাৰে উদ্ভাসিত মানৱ সমাজক চূড়ান্তভাৱে লজ্জানত কৰা এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গ'ল সমগ্ৰ বিহালী৷ বিহালীৰ ৰাজপথত দিন দুপৰতে জনচক্ষুৰ সন্মুখতে চূড়ান্তভাৱে ভূ-লুন্ঠিত হ'ল মানৱতা৷

জানিব পৰামতে, সোমবাৰে বিয়লি প্ৰায় ২.৩০ বজাত বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিহপুখুৰীৰ ৰাজপথৰ দাঁতিত দিন-দুপৰতে এটি সদ্যজাত দেৱশিশুৰ মৃতদেহ ৰহস্যজনক ভাৱে উদ্ধাৰ হয়৷ অতি হৃদয় বিদাৰক বিষয়টো হ'ল, ৰাজপথৰ দাঁতিত উদ্ধাৰ হোৱা দেৱদূতৰূপী শিশুটিক ৰাজপথতে চোঁচৰাই, টানি, আজুৰি ভক্ষণ কৰিলে কুকুৰে৷

এই মৰ্মান্তিক অবৰ্ণনীয় হৃদয় ৰেখাপাত কৰা দৃশ্য দেখি স্তম্ভিত হৈ পৰিল একাংশ৷ তাৰ পিচতেই, স্থানীয় লোকে ঘটনা সন্দৰ্ভত খবৰ দিয়ে জিনজিয়া আৰক্ষীক৷ ঘটনাৰ বিষয়ে জানিব পাৰি জিনজিয়া আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ মৃত দেৱশিশুটিৰ দেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে৷

নিশ্চিতভাৱে, এই ঘটনাই পোহৰলৈ আনিছে আধুনিক সভ্য সমাজৰ নগ্ন ফোঁপোলা স্বৰূপ৷ প্ৰশ্ন হয়, যি সময়ত প্ৰতি ব্যক্তিৰ হাতৰ মুঠিত বিশ্ব তথ্য মজুত থাকে সেই সময়তেই তেনে এখন সভ্যতাৰ পোহৰে আলোকিত সমাজত সংঘটিত এনেবোৰ মানৱতাহীন চাঞ্চল্যকৰ ঘটনাই কোন দিশে গতি কৰাইছে মানৱ সমাজক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in