নেৰিষ্টত উত্তীৰ্ণ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ মুঠ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান

নেৰিষ্টত উত্তীৰ্ণ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ মুঠ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান

ডিজিটেল ডেস্কঃ উত্তৰ-পূৱ আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠান (নেৰিষ্ট)ত উত্তীৰ্ণ নগাঁও আৰু কাৰ্বি আংলং জিলাৰ মুঠ ২৮ জন ছাত্ৰ-ছাত্ৰীক বৃহস্পতিবাৰে বঁটা প্ৰদান কৰা হয়।যোৱা ২০ মে'ত অনুষ্ঠিত প্ৰাথমিক পৰ্যায়ৰ প্ৰতিভা সন্ধানী পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা এই ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদানৰ উদেশ্যৰে আজি নগাঁও জিলা প্ৰেছ ক্লাৱত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে শিক্ষাবিদ নিধিৰাম শইকীয়াই।

অনুষ্ঠানত নেৰিষ্টৰ পৰিচালন সঞ্চালক পিংকু চৌধুৰী,আঞ্চলিক সঞ্চালক পিনু বৰাই অংশগ্ৰহন কৰি শিশু সকলৰ বৌদ্ধিক বিকাশৰ সম্পৰ্কত আলোকপাত কৰে।অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা,জয়ন্ত কুমাৰ শৰ্মা আৰু প্ৰাগজ্যোতিষ বনিয়াই অসমৰ সাম্প্ৰতিক জটিল পৰিবেশত এখন শান্তিপূৰ্ণ,সমৃদ্ধিশালী অসম গঢ়িবলৈ উঠি অহা প্ৰজন্মক সমাজমুখী শিক্ষা দিব লাগিব বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in