শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

নীলবাগানত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ…

ডিজিটেল সংবাদ মোৰাঝাৰঃ দুৰ্গা পূজাৰ আলম লৈ ৰাজ্যত বন মাফিয়াই সৰবৰাহ কৰিছে চোৰাং কাঠ৷বৃহৎ পৰিমানৰ চোৰাং কাঠ সৰবৰাহ কৰোতেই বৃহস্পতিবাৰে হোজাইৰ নীলবাগানত বন বিভাগে জব্দ কৰিলে এ এছ ০২ এ চি ৩৯০৩ নম্বৰৰ চোৰাং চেগুণ কাঠভৰ্তি ট্ৰাক।হোজাই বন বিষয়া গুণদীপ দাসৰ নিৰ্দেশত বন সুৰক্ষা বিষয়া মহেশ নাথে এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে ট্ৰাকখন৷

জব্দ কৰা কাঠখিনিৰ মূল্য আনুমানিক ১ লাখ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে৷উল্লেখ্য যে দুৰ্গা পূজাত সকলো ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠখিনি বন মাফিয়াসকলে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল যদিও বন বিভাগে গোপন সুত্ৰৰ ভিত্তিত এই কথা জানিব পাৰি অভিযান চলাই নীলবাগানৰ পৰা জব্দ কৰে কাঠভৰ্তি ট্ৰাকখন৷ জব্দ কৰা ট্ৰাকখন বন বিভাগে হোজাইৰ কাৰ্যালয়ত ৰাখি তদন্ত আৰম্ভ কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি