বিশ্বনাথত ৬ আদিবাসীক হত্যাৰ গোচৰৰ ৰায়দান, ২ এন ডি এফ বি সদস্যক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

বিশ্বনাথত ৬ আদিবাসীক হত্যাৰ গোচৰৰ ৰায়দান, ২ এন ডি এফ বি সদস্যক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ
  • ২০১৪ত ৬জন আদিবাসী লোকক বিশ্বনাথ চাৰিআলিত হত্যা কৰিছিল এন ডি এফ বিয়ে।
  • কোকৰাঝাৰ-চিয়াঙতো চলাইছিল নৰসংহাৰ।
  • এই গোচৰত দোষী সাব্যস্ত কৰা হৈছিল অজয় বসুমতাৰী, বিষ্ণু নাৰ্জাৰী, নিতুল দৈমাৰী আৰু সঞ্জয় বৰদলৈক।
  • এন আই এৰ গুৱাহাটী আদালতত চলি আছিল গোচৰ।
  • এই গোচৰৰ দোষীক শাস্তি ঘোষণা কৰিলে আজি।
  • মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে এন ডি এফ বি সদস্য অজয় বসুমতাৰী আৰু বিষ্ণু নাৰ্জাৰীক।
  • যাবজ্জীৱন কাৰাবাসৰ নিৰ্দেশ নিতুল দৈমাৰী আৰু সঞ্জয় বৰদলৈক।
  • ২৩ ডিচেম্বৰ, ২০১৪ত বিশ্বনাথত ৬জন আদিবাসীক হত্যা কৰিছিল এন ডি এফ বিৰ এই সদস্য কেইজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in