ল’ৰা-ছোৱালীক নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে শিক্ষকে বন্ধুত্ব স্থাপন কৰিব লাগিব, সোণতলীত নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুলত এম জি ভি কে ভানু

ল’ৰা-ছোৱালীক নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে শিক্ষকে বন্ধুত্ব স্থাপন কৰিব লাগিব, সোণতলীত নাজমা-হীৰা মেম’ৰিয়েল পাব্লিক স্কুলত এম জি ভি কে ভানু

ডিজিটেল সংবাদ, গৰৈমাৰীঃ 'চৰকাৰৰ বৈষম্য নীতিৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সংখ্যালঘু বসতিপ্ৰধান অঞ্চলৰ শিক্ষাৰ্থী শিক্ষাৰ ক্ষেত্ৰত আজিও পিচপৰি আছে৷' কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ পুৰাণগাঁৱত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ স্থায়ী চৌহদৰ শুভ উদ্বোধন আৰু নৱম সংখ্যক বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰি বুধবাৰে বিয়লি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা আজিজুৰ ৰহমানে এইদৰে কয়৷

https://youtu.be/KAFp0MTYJz4?t=102

তেওঁ কয়-চৰকাৰী শিক্ষানুষ্ঠানবোৰত বিল্ডিং নিৰ্মাণ কৰা হৈছে যদিও শিক্ষাৰ্থী অনুপাতে শিক্ষকৰ অভাৱ দেখা গৈছে৷ আনহাতে কিছুমান চৰকাৰী শিক্ষানুষ্ঠানত আকৌ আন্তঃগাঁথনিৰ অভাৱ দেখা গৈছে৷ ঠাইবিশেষে দুৰ্গম তথা ভিতৰুৱা অঞ্চলত শিক্ষাৰ প্ৰতি অভিভাৱকৰ ধাউতি কমি যোৱা বুলি আমছু নেতাগৰাকীয়ে উল্লেখ কৰে৷ দুটাতকৈ অধিক সন্তান জন্ম দিলে তেওঁলোকে চৰকাৰী বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ যি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিবলৈ গৈছে, এই সিদ্ধান্তক আমছু নেতাগৰাকী বিৰোধীতা নকৰে৷

তেওঁ গুণগত শিক্ষাৰে শিক্ষাৰ্থীক শিক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়৷ সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ দৰে ব্যক্তিগত শিক্ষানুষ্ঠানত চৰকাৰী সাহায্য প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ ওচৰত তেওঁ দাবী জনায়৷ তেওঁ বাল্য বিবাহক এক কৰ্কট ৰোগ বুলি আখ্যায়িত কৰে৷ সোণতলীৰ পুৰাণগাঁৱত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ স্থায়ী চৌহদৰ শুভ উদ্বোধন কৰি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে ল'ৰা-ছোৱালীক নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে বন্ধুত্ব স্থাপন কৰিবলৈ অভিভাৱকসকলক আহ্বান জনায়৷

শুন শুন এই সুৰ…



শুন শুন এই সুৰ..

অসম চৰকাৰৰ দুটা সন্তান জন্ম দিয়া সিদ্ধান্ত সন্দৰ্ভত প্ৰাক্তন প্ৰশাসনিক বিষয়াগৰাকীয়ে কয়-দৰিদ্ৰ পৰিয়ালবোৰত সন্তানৰ সংখ্যা বেছি থকাৰ বিপৰীতে শিক্ষিত পৰিয়ালবোৰত আজিও দুটাতকৈ বেছি সন্তান দেখা নাযায়৷ আনকি কম বয়সত বিয়া হলে সন্তান প্ৰসৱৰ সময়ত মহিলা প্ৰায়ে মৃত্যুবৰণ কৰে৷

তেওঁ সোণতলীৰ পুৰাণগাঁৱৰ নাজমা-হীৰা-মেম'ৰিয়ল পাব্লিক স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থীসকলক শুভেচ্ছা জনায়৷ সভাত কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক মুশ্বাৰফ হুছেইন, গুৱাহাটী জিলাৰ সম্পাদক মজনুৰ আলম, সাংস্কৃতিক সম্পাদক আলী আজগৰ আহমেদ, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ফজলুৰ ৰহমান, নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণি, মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদ, মাহতলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আমিন মইনুল ইছলাম প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে৷

মুকলি সভাত কোৰাণ পাঠৰ পিচত মাজে মাজে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে গীত-মাত পৰিবেশন কৰে৷ উল্লেখযোগ্য যে, যোৱা ২৭ অক্টোবৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ নৱম সংখ্যক বাৰ্ষিক অধিবেশনৰ বাৰ্ষিক বঁটা বিতৰণী আৰু মুকলি সভাৰ লগতে বৃহস্পতিবাৰে সন্ধিয়া সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক অনুষ্ঠান।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰৰ বঁটা বিতৰণী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমেশ চান্দ জৈন, সন্মানীয় অতিথি হিচাপে বকো সমষ্টিৰ বিধাযিকা নন্দিতা দাস, অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ যুটীয়া সচিব এছ এন চৌধুৰী, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, বিশিষ্ট অতিথি হিচাপে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক খবিৰউদ্দিন আহমেদ, কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰা, দদৰাস্থিত কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰৰ উপৰি কেইবাজনো আমন্ত্ৰিত তথা নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in