নৱজোতসিং সিদ্ধুৰ টুইটঃ এদিন মূৰ্খ বনাবলৈ এপ্ৰিল ফুল আৰু ৫ বছৰৰ বাবে পদুমৰ ফুল…

নৱজোতসিং সিদ্ধুৰ টুইটঃ এদিন মূৰ্খ বনাবলৈ এপ্ৰিল ফুল আৰু ৫ বছৰৰ বাবে পদুমৰ ফুল…

ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ পৰা কংগ্ৰেছৰ নেতা তথা পঞ্জাৱৰ মন্ত্ৰী নৱজোতসিং সিদ্ধুৱে টুইটাৰত বিজেপি কটাক্ষ কৰি হাস্যকৰ টুইট কৰা দেখিবলৈ পোৱা যায়। কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ বিজেপি চৰকাৰক ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে তীব্ৰ সমালোচনা কৰে। বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পাছৰেই পৰা নৱজোত সিং সিদ্ধুৱে প্ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত সমালোচনা কৰি পোষ্ট কৰি আহিছে।

এইবাৰ কংগ্ৰেছ নেতাগৰাকীয়ে সম্পত সৰলৰ এটা ভিডিঅ'সহ টুইটাৰত টুইট কৰে। তেওঁ কটাক্ষ কৰি টুইট কৰে যে- 'ৰাইজে মোডী চৰকাৰ ম'বাইল নম্বৰ আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ বাবেহে গঠন কৰিছিল নেকি? বছৰটোত এটা দিন মানুহক মূৰ্খ সজাবলৈ এপ্ৰিল ফুল আৰু ৫ বছৰ মূৰ্খ সজাবলৈ পদুমৰ ফুল!'

নৱজোতসিং সিদ্ধুৰ সেই টুইটটো-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in