ডিজিটেল ডেস্কঃ শ্ৰম মন্ত্ৰণালয়ৰ সচিব সুমিতা দাওৰাই বুধবাৰে জনাইছে অহা বছৰৰ পৰা এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেছন চমুকৈ EPFO ছাবছক্ৰাইবাৰসকলে তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ডৰ টকা চৰকাৰী এটিএমৰ পৰা উলিয়াব পাৰিব। তেওঁ কয়,আমি দাবীসমূহ দ্ৰুততাৰে সমাধান কৰি আছো। এই প্ৰক্ৰিয়া সুশৃংখল কৰাৰ বাবে কাম কৰি আছো, যাতে মানুহৰ জীৱনধাৰণৰ সুবিধা বৃদ্ধি পায়।
ইপিএফঅ’ৰ দাবীকৰ্তা এজনে সহজে এ টি এমৰ পৰা তেওঁলোকৰ ধন উলিওৱাৰ ব্যৱস্থা হোৱাৰ পাছত ইয়াত কৰ্মচাৰীৰ হস্তক্ষেপ নাথাকিব। এই গোটেই ব্যৱস্থাটো কাৰ্যকৰী কৰিবলৈ প্ৰস্তুতি চলি আছে। অহা দুই, তিনি মাহৰ পাছত এই ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হ’ব।
তেওঁ কয়, মই বিশ্বাস কৰো যে, জানুৱাৰী ২০২৫ ৰ ভিতৰত এই গোটেই ব্যৱস্থাটো কাৰ্যক্ষম হৈ উঠিব। এই পদক্ষেপৰ উদ্দেশ্য হৈ চৰকাৰৰ ইপিএফঅ’ সেৱা উন্নত কৰা আৰু মানুহৰ জীৱনধাৰণৰ সুবিধা বৃদ্ধি কৰা।
ই পি এফ অ’ত বৰ্তমান আছে ৭০ মিলিয়নতকৈ অধিক সদস্য।
সচিবগৰাকীয়ে আৰু কয়, শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষাৰ লাভালাভ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা অন্তিম পৰ্যায়ত আছে। এই সন্দৰ্ভত তেওঁ আৰু কয়, এতিয়ালৈকে বহু কম কৰা হৈছে। আমি এখন আঁচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছো। এই আঁচনিখন এতিয়া চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত আছে।
এই লাভালাভবোৰৰ ভিতৰত থাকিব পাৰে চিকিৎসা সেৱা, ভৱিষ্যত নিধি, বিকলাংগসকলৰ ক্ষেত্ৰত বিত্তীয় সহায়। তোৰাপৰি প্লেটফৰ্ম কৰ্মীসকলক সামাজিক সুৰক্ষা আৰু কল্যাণমূলক লাভালাভ প্ৰদান কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। য’ত বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰি এক পৰিকাঠামো প্ৰস্তাৱ কৰা হ’ব।
এনে শ্ৰমিকৰ বাবে প্ৰথমবাৰৰ বাবে ২০২০ চনত সামাজিক সুৰক্ষা সংহিতাতত সংজ্ঞায়িত কৰা হৈছিল।এই সংহিতাই তেওঁলোকৰ বাবে সামাজিক সুৰক্ষা আৰু কল্যাণৰ ব্যৱস্থা কৰে। সচিবগৰাকীয়ে লগতে আৰু কয় দেশত নিবনুৱাৰ হাৰ হ্ৰাস পাইছে। ২০১৭ চনত নিবনুৱাৰ হাৰ আছিল ৬ শতাংশ। এতিয়া ই ৩.২ শতাংশলৈ হ্ৰাস পাইছে।
ইয়াৰ উপৰিও আমাৰ শ্ৰমিক শক্তি বৃদ্ধি পাইছে। শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি পাইছে আৰু শ্ৰমিকৰ অংশগ্ৰহণৰ অনুপাত ৫৮ শতাংশত উপনীত হৈছে আৰু ই অধিক বৃদ্ধি হৈ আছে।