যোগী ৰাজ! অযোধ্যাত এইবাৰ নিষিদ্ধ মদ-মাংস

যোগী ৰাজ! অযোধ্যাত এইবাৰ নিষিদ্ধ মদ-মাংস

author-image
asomiyapratidin
New Update
যোগী ৰাজ! অযোধ্যাত এইবাৰ নিষিদ্ধ মদ-মাংস

ডিজিটেল ডেস্কঃ ফৈজাবাদৰ নামৰ সলনি কৰি অযোধ্যা ৰখাৰ পিছতে এইবাৰ সমগ্ৰ অযোধ্যাতে মদ-মাংস নিষিদ্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে যোগী আদিত্যনাথ চৰকাৰে। বিগত কালছোৱাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মদ-মাংসৰ দ্বাৰা শান্তিৰ পৰিৱেশ বিনষ্ট হয় বুলি সভাই সমিতিয়ে কৈ আহিছিল। এতিয়া চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই জিলাখনত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

উত্তৰপ্ৰদেশ চৰকাৰৰ মুখপাত্ৰ শ্ৰীকান্ত শৰ্মাই দেওবাৰে জানিবলৈ দিয়া মতে, আইনগত ভাৱেই ৰাজ্যখনত মদ আৰু মাংসৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিব ৰাজ্য চৰকাৰখনে। ইতিমধ্যে অযোধ্যাৰ কিছু কিছু অঞ্চলত মদ আৰু মাংস নিষিদ্ধ কৰা হৈছে বুলিও মন্তব্য কৰে শ্ৰীকান্তে। আনহাতে সমগ্ৰ জিলাখনতে মদ-মাংস নিষিদ্ধ কৰাৰ বাবে বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰা বুলি কয় উত্তৰ প্ৰদেশ চৰকাৰৰ মুখপাত্ৰগৰাকীয়ে।

ইফালে অযোধ্যাত অতিশীঘ্ৰে ৰাম মন্দিৰ নিৰ্মাণক লৈ বিশ্ব হিন্দু পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। ৰাম মন্দিৰ নিৰ্মাণৰ দাবী তুলি অহা ২৫ নৱেম্বৰত স্থানীয় সাধুসকলৰ সৈতে বিশ্ব হিন্দু পৰিষদে এক কাৰ্যসূচী পালন কৰিব বুলিও জানিব পৰা গৈছে। তেনে এক সময়তে ৰাজ্য চৰকাৰখনে মদ-মাংস নিষিদ্ধ কৰাক লৈ গ্ৰহণ কৰা পদক্ষেপক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে।

অযোধ্যাৰ বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ শাৰদ শৰ্মাই এই সন্দৰ্ভত কয় যে- মদ আৰু মাংসৰ বিক্ৰীক লৈ জিলাখনৰ বিভিন্ন অঞ্চলত সাধু-সন্যাসীসকলে ক্ষোভ প্ৰদৰ্শন কৰি আহিছিল। কিন্তু বৰ্তমান ইয়াৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে। মদ-মাংস মুক্ত অযোধ্যাত শান্তি-সম্প্ৰীতি বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰিছে বিভিন্নজনে।