/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/PTI12_14_2018_000132B.jpg)
ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে প্ৰিয়ংকা গান্ধীয়ে ৰাজনীতিত প্ৰৱেশ কৰাক লৈ মন্তব্য প্ৰকাশ কৰে। তেওঁ কয়- ৰাজনীতিত প্ৰিয়ংকা গান্ধীয়ে প্ৰৱেশ কৰিলেও ৰাজ্যখনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নপৰে। লগতে সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীৰ মিত্ৰজোঁট সন্দৰ্ভত তেওঁ কয়- দুয়োটা দলৰ মিত্ৰজোঁট আৰম্ভণিতেই বিতৰ্কৰ মাজত সোমাই পৰিছে।
ইফালে, দেওবাৰে লোকসভা নিৰ্বাচনী সূচী ঘোষণা কৰাৰ পাছত তেওঁ এক সাক্ষাৎকাৰত কয়- 'কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক এইবাৰ দলটোৰ পূব উত্তৰপ্ৰদেশৰ মহাসচিবৰ দায়িত্ব দিছে। এয়া দলটোৰ ভিতৰৰ কথা। পূৰ্বেও তেওঁ কংগ্ৰেছৰ বাবে প্ৰচাৰ কৰিছিল আৰু এইবাৰো কৰিছে। গতিকে মই নাভাবো বিজেপিৰ ওপৰত ইয়াৰ বাবে কোনো ধৰণৰ প্ৰভাৱ পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us