/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/sabarimala.jpeg)
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় যোগে সৱৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশত অনুমতি দিয়াৰ কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক। ন্যায়ালয়ৰ এই ৰায়দানক প্ৰত্যাহ্বান জনাই বুধবাৰে ৰাজপথত এক প্ৰতিবাদী মিছিল বাহিৰ কৰে স্থানীয় মহিলাসকলে।
তিৰুৱানন্তপুৰতম কেইবাশতাধিক মহিলাই ন্যায়ালয়ৰ এই ৰায়ৰ বিৰোধিতাৰে পূৰ্বৰ পৰম্পৰা অনুসৰি মন্দিৰৰ ভিতৰত মহিলাৰ প্ৰৱেশ বন্ধ কৰিবলৈ আহ্বান জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ যোগ্য যে পূৰ্বৰ নিয়ম অনুসৰি ১০ বছৰৰ তলৰ আৰু ৫০ বছৰৰ উপৰৰ মহিলাক এই মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই নাছিল। এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ২৮ চেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে মন্দিৰৰ ভিতৰত মহিলা প্ৰৱেশ কৰিব পাৰিব বুলি ঐতিহাসিক ৰায় প্ৰদানক কৰিছিল।
এই ৰায়ৰ বিৰুদ্ধে ইতিমধ্যে মন্দিৰ কৰ্তৃপক্ষই ন্যায়ালয়ক বিষয়টো পুনৰ বিবেচৱনাৰ বাবে আহ্বান জনাইছে। তাৰ সমান্তৰালকৈ অব্যাহত আছে এই প্ৰতিবাদ। চাওক বুধাবাৰে কিদৰে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল ভিডিঅ'..
#WATCH: Women protest in Nilakkal against the entry of women in the age group of 10-50 to #Sabarimala temple. #Keralapic.twitter.com/GuxDZo0R7G
— ANI (@ANI) October 17, 2018