/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/1dc874f5-2250-458b-a1de-53dbef5077d4.jpg)
ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ বাবে গ্ৰহণ কৰা সকলো পদক্ষেপৰ ওপৰত নজৰ ৰাখিছে তেওঁ। টুইটাৰত মমতা বেনাৰ্জীয়ে লিখিছে- ৰাজস্থানৰ কোটা চহৰত আৱদ্ধ পশ্চিমবংগৰ ছাত্ৰ-ছাত্ৰীসকলক শীঘ্ৰেই নিজ ৰাজ্যলৈ ঘূৰাই অনা হব।
লগতে তেওঁ লিখে যে, যেতিয়ালৈ তেওঁ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনত আছে, তেতিয়ালৈকে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলে অসহায় অনুভৱ কৰাৰ প্ৰয়োজন নাই।