/asomiyapratidin/media/media_files/2025/04/03/f4iyINYu71dYwgzK6uyv.jpg)
ডিজিটেল ডেস্কঃ পশ্চিমবংগ চৰকাৰে নিযুক্তি প্ৰদান কৰা শিক্ষকসহ প্ৰায় ২৬ হাজাৰ লোকৰ চাকৰি বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই বংগত সামাজিক, ৰাজনৈতিক পৰিস্থিতি উত্তাল হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে।
উল্লেখ্য যে ৩ মাৰ্চ, ২০২৫ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ ২০১৬ চনৰ এছ এছ চিত নিযুক্তিৰ বাবে সমগ্ৰ পেনেল বাতিল কৰিছে। শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে গোচৰটোৰ ৰায়ত সমগ্ৰ প্ৰক্ৰিয়াটো ৰিগ কৰা বুলি কয়। গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ কোনো বিশ্বাসযোগ্যতা নাই বুলি কৈ প্ৰায় ২৫,৭৫২ গৰাকী শিক্ষকৰ চাকৰি বাতিল কৰিছে।
তাৰোপৰি অহা তিনি মাহৰ ভিতৰত নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে ২০১৬ চনৰ এছ এছ চিৰ জৰিয়তে অন্যান্য চৰকাৰী চাকৰি এৰি স্কুলীয়া চাকৰিত যোগদান কৰাসকলে ইচ্ছা কৰিলে পুৰণি চাকৰিলৈ ঘূৰি আহিব পাৰিব। মানৱীয় কাৰণত কেৱল কৰ্কট ৰোগত আক্ৰান্ত প্ৰাৰ্থী সোমা দাসৰ চাকৰিহে বাহাল থাকিব।
স্মৰ্তব্য, ২০১৬ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰকাশ পাইছিল পশ্চিমবংগৰ এছ এছ চিৰ নিযুক্তিৰ অধিসূচনা।সেই বছৰৰে ২৭ নৱেম্বৰত অ’ এম আৰ শ্বীটত পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ দুবছৰৰ পাছত ২০১৮ চনৰ ২৮ আগষ্টত প্ৰকাশ পাই প্ৰাৰ্থীৰ মেৰিট লিষ্ট। ২০১৯ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত নিৰ্বাচিত প্ৰাৰ্থীসকলে শিক্ষক হিচাপে চাকৰি লাভ কৰে।
২০১৬ চনৰ পৰা আৰম্ভ হোৱা এই নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ প্ৰথম পোহৰলৈ আহিছিল ২০২১ চনত। কলিকতা উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এই দুৰ্নীতি সম্পৰ্কীয় বহু কেইটা গোচৰ।
অভিযোগ উত্থাপন কৰা হৈছিল যে গ্ৰুপ ‘চি’ আৰু গ্ৰুপ ‘ডি’ৰ কৰ্মচাৰী, আৰু নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। ২০২১ চনত তদানীন্তন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ বেনাৰ্জীয়ে এই গোচৰত প্ৰথমটো চিবিআই তদন্তৰ নিৰ্দেশ দিছিল।
পৰৱৰ্তী দুবছৰত তেওঁ নিযুক্তিৰ দুৰ্নীতিৰ প্ৰায় ১০টা গোচৰৰ চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়ে। চিবিআইৰ তদন্তৰ সমান্তৰালকৈ প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে ‘অবৈধ নিযুক্তি’ বাতিল কৰাৰো নিৰ্দেশ দিয়ে।
তদানীন্তন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৰিশ টণ্ডনৰ বিভাগীয় বিচাৰপীঠে ন্যায়াধীশ বেনাৰ্জীৰ একক বিচাৰপীঠৰ কিছু ৰায় স্থগিত ৰাখে যদিও পিছত তদানীন্তন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুব্ৰত তালুকদাৰৰ বিভাগীয় বিচাৰপীঠে একক বিচাৰপীঠৰ কেইবাটাও ৰায়ক সমৰ্থন কৰে।
সেই আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত একাধিক গোচৰ ৰুজু হৈছিল। অৱশেষত ২০২৩ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে ঘোষণা কৰে যে কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এখন বিশেষ বিচাৰপীঠ গঠন কৰিব। এছ এছ চিৰ নিযুক্তিৰ দুৰ্নীতিৰ সকলো গোচৰ তাতেই শুনানি হ’ব।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি চলিত ২০২৪ চনৰ ১৫ জানুৱাৰীত কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ দেবাংশু বাছাক আৰু ন্যায়াধীশ মহম্মদ শ্বাব্বৰ ৰছিদীৰ বিশেষ বিচাৰপীঠৰ সন্মুখত এছ এছ চিৰ নিযুক্তি দুৰ্নীতিৰ গোচৰৰ শুনানি আৰম্ভ হয়। এই তিনি মাহত অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈকে বিশেষ বিচাৰপীঠত মুঠ ১৭ খন শুনানি অনুষ্ঠিত হয়।
অৱশেষত ২০২৪ চনৰ ২২ এপ্ৰিলত উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে ২৮২ পৃষ্ঠাৰ ৰায় ঘোষণা কৰে। এই ৰায়ত উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠে ২০১৬ চনৰ নিযুক্তি প্ৰক্ৰিয়াই সংবিধানৰ ১৪ আৰু ১৬ নং অনুচ্ছেদ উলংঘা কৰা বুলি ৰায় দিয়ে। গতিকে সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হ'ব।
অৰ্থাৎ ২৫,৭৫৩ গৰাকী লোকে চাকৰি হেৰুৱাব। ইয়াৰ উপৰিও সকলো অ’ এম আৰ শ্বীট ৰাজহুৱাভাৱে চোৱাৰ বাবে বিদ্যালয় সেৱা আয়োগৰ ৱেবছাইটত আপলোড কৰিব লাগিব। যিসকলে পেনেলৰ বাহিৰত বা ম্যাদ উকলি যোৱা পেনেলত চাকৰি পাইছিল, তেওঁলোকে অহা চাৰি সপ্তাহৰ ভিতৰত ১২ শতাংশ সুতসহ দৰমহা ঘূৰাই দিব লাগিব।
কাৰণ এই ধন চৰকাৰী কোষাগাৰৰ পৰাই দিয়া হৈছিল। এয়া ৰাইজৰ ধন। আনহাতে উচ্চ ন্যায়ালয়ে চি বি আইক এই গোচৰৰ তদন্ত সম্পূৰ্ণ কৰি তিনি মাহৰ ভিতৰত নিম্ন ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
২০২৪ চনৰ ২৪ এপ্ৰিলত উচ্চ ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠৰ ৰায়দানৰ ৪৮ ঘণ্টাৰ ভিতৰতে ৰাজ্য চৰকাৰে এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। এই গোচৰটো ২৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে আহে।
পশ্চিমবংগৰ শিক্ষা বিভাগ, এছ এছ চি আৰু মাধ্যমিক শিক্ষা ব’ৰ্ডে উচ্চতম ন্যায়ালয়ত পৃথকে পৃথকে গোচৰ ৰুজু কৰে। এছ এছ চিৰ জৰিয়তে নিযুক্তিপ্ৰাপ্তসকসেও উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰে।
২০২৪ চনৰ ৭ মে’ত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত স্থগিতাদেশ দি জাৰি কৰি কয় যে, গোচৰটোৰ চূড়ান্ত ৰায় ঘোষণা হোৱাৰ পিছত অবৈধভাৱে কৰ্মৰতসকলৰ সম্পূৰ্ণ দৰমহা ঘূৰাই দিব লাগিব। ইয়াৰ উপৰি উচ্চতম ন্যায়ালয়ে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকে অনুসৰণ কৰি অবৈধভাৱে চাকৰি পোৱাসকলক জেৰাৰ অনুমতি প্ৰদান কৰে চি বি আইক।
ইয়াৰ পিছত ২০২৪ চনৰ ১৬ জুলাইত উচ্চতম ন্যায়ালয়ে কয় যে, এই গোচৰৰ মূল পাঁচটা পক্ষ - পশ্চিম বংগ চৰকাৰ, এছ এছ চি আৰু মাধ্যমিক শিক্ষা ব’ৰ্ড, উচ্চ ন্যায়ালয়ৰ মূল বিবাদী, চাকৰি হেৰুওৱাসকলৰ বক্তব্য শুনিব আৰু সেই অনুসৰিয়েই শুনানি হয়।
এই গোচৰটো সৰ্বোচ্চ ন্যায়ালয়ত মুঠ ২০ বাৰ শুনানিৰ বাবে আহিছিল। এই গোচৰত বিভিন্ন পক্ষৰ প্ৰায় ৪০০ অধিবক্তাই অংশগ্ৰহণ কৰে। অৱশেষত ২০২৫ চনৰ ১০ ফেব্ৰুৱাৰীত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠৰ সন্মুখত এই গোচৰৰ শুনানি সমাপ্ত হয় আৰু ৰায়টো সংৰক্ষণ কৰি ৰাখে। তাৰ পাছত আজি সেই গোচৰৰ ৰায় ঘোষণা কৰা উচ্চতম ন্যায়ালয়ে। এই ঘোষণাতে ৰাজ্যখনৰ প্ৰায় ২৬ হাজাৰ লোকে চাকৰি হেৰুৱালে।