/asomiyapratidin/media/media_files/2025/01/21/VLLjky53mdj42h7Oqlj6.jpg)
ডিজিটেল ডেস্কঃ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ যৌন নিৰ্যাতন আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ক শিয়ালদহ আদালতে দিয়া শাস্তিক লৈ সুখী নহয় বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে শাস্তি ঘোষণা হোৱাৰ পিছতে তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰি হত্যাকাৰীৰ ফাঁচীৰ দাবীৰে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি জনাইছিল।
সেই কথা মতেই আজি ৰাজ্য চৰকাৰে হত্যাকাৰী সঞ্জয় ৰয়ৰ সৰ্বোচ্চ শাস্তিৰ দাবীৰে কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। উল্লেখ্য যে, সোমবাৰে শিয়লাদহ আদালতৰ ন্যায়াধীশ অনিৰ্বাণ দাসে সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।
ইয়াৰ পিছতে ভুক্তভোগী যুৱতী চিকিৎসকগৰাকীৰ আত্মীয়, সতীৰ্থৰ লগতে ন্যায়কামী জনতাই অসন্তুষ্টি প্ৰকাশ কৰিছিল। অনুৰূপ ধৰণে ৰাজ্যখনৰ শাসক, বিৰোধীয়েও এই ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।সেয়ে অপৰাধীৰ সৰ্বোচ্চ শাস্তিৰ বাবে উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ যোৱাৰ হুংকাৰ দিছিল বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজি বংগৰ এডভোকেট জেনেৰেলে বিষয়টোৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মহম্মদ ছব্বৰ ৰছিদি আৰু ন্যায়াধীশ দেবাংশু বাছাকৰ যুটীয়া বেঞ্চৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ পাছতে গোচৰ দাখিলৰ অনুমতি দিছে দুই বিচাৰপতিয়ে।
মন কৰিবলগীয়া যে, শিয়ালদহ আদালতৰ ন্যায়াধীশ অনিৰ্বাণ দাসে দোষীৰ শাস্তি ঘোষণা কৰি নিৰ্দেশনাত লিখিছিল, আৰ জি কৰৰ ঘটনাক বিৰলতকৈ বিৰলতম’ হিচাপে বিবেচনা কৰা হোৱা নাই। অৱশ্যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনাক বিৰলতকৈ বিৰলতম’ ঘটনা আখ্যা দিছে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰম্ভণিৰে পৰা এই গোচৰত দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰি আহিছিল। আনকি তেওঁ নিজেও এই ঘটনাৰ প্ৰতিবাদ কৰি ৰাজপথত সমদল কৰিছিল। কলকাতা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত কৰি সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰিছিল।
পৰৱৰ্তী সময়ত চি বি আইয়ে গোচৰটোৰ দায়িত্ব লয়। অৱশ্যে চি বি আইয়ে দায়িত্ব লোৱাৰ পাছৰে পৰা তদন্ত প্ৰক্ৰিয়াক লৈ নানান প্ৰশ্নৰ সৃষ্টি হৈছিল। ভুক্তভোগীৰ পিতৃ-মাতৃয়েও তদন্তৰ সময়ত বাৰে বাৰে অসন্তুষ্টি প্ৰকাশ কৰিছিল।
মমতা বেনাৰ্জীয়ে সঞ্জয় ৰয়ক আদালতে চৰম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। তেওঁ শিয়ালদহ আদালতে শাস্তি ঘোষণা কৰাৰ পাছতে অসন্তষ্টি প্ৰকাশ কৰি কয়, ফাঁচীৰ শাস্তিয়ে অন্ততঃ মনক কিছু সান্তনা দিব পাৰিম।
মন কৰিবলগীয়া যে, শেহতীয়াকৈ বংগৰ কেইবাটাও ঘটনাত দোষীক মৃত্যুদণ্ড বিহিছে নিম্ন আদালতে। গুৰাপ, ফৰাক্কা, জয়নগৰৰ তেনে তিনিটা ঘটনাৰ তদন্তৰ দায়িত্বত আছিল বংগৰ আৰক্ষী। সেয়ে মমতা বেনাৰ্জীয়ে এতিয়া দাবী কৰি কয়, আমাৰ হাতত এই গোচৰৰ তদন্তৰ দায়িত্ব থকা হলে বহু আগেই আমি দোষীৰ ফাঁচী দিয়াব পাৰিলো হয়।
অৱশ্যে ন্যায়াধীশ অনিৰ্বাণ দাসে দোষীক কিয় ফাঁচী নিদিলে সেয়াও স্পষ্টকৈ নিৰ্দেশনাত লিখিছে। তেওঁ লিখিছে, ‘যাৱজ্জীৱন হ’ল নিয়ম। আৰু মৃত্যুদণ্ড হ’ল ব্যক্তিক্ৰম। ন্যায় বিচাৰৰ ক্ষেত্ৰত ‘চকুৰ বদলি চকু’, ‘দাঁতৰ বদলি দাঁত’ বা ‘নখৰ বদলি নখ’ বা ‘প্ৰাণৰ বিনিময়ত প্ৰাণ’ৰ দৰে প্ৰতিশোধমূলক প্ৰবৃতিসমূহ এৰি অহা উচিত। বৰ্বৰতাক বৰ্বৰতাৰে বিচাৰ কৰা উচিত নহয়।
In the R.G. Kar junior doctor's rape and murder case, I am really shocked to see that the judgement of the Court today finds that it is not a Rarest of Rare case!
— Mamata Banerjee (@MamataOfficial) January 20, 2025
I am convinced that it is indeed a rarest of rare case which demands capital punishment. How could the judgement…