কেৰালা ট্ৰেজেদীঃ মৃতকৰ সংখ্যাই চুলে ২৭৬ৰ ঘৰ...

কেৰালা ট্ৰেজেদীঃ মৃতকৰ সংখ্যাই চুলে ২৭৬ৰ ঘৰ...

author-image
Asomiya Pratidin
New Update
কেৰালা ট্ৰেজেদীঃ মৃতকৰ সংখ্যাই চুলে ২৭৬ৰ ঘৰ...

ডিজিটেল ডেস্কঃ কেৰালাৰ অন্তৰ্গত ৱায়নাড়ত মঙলবাৰে সংঘটিত হোৱা ভূমিস্খলনত এই পৰ্যন্ত মৃতকৰ সংখ্যাই ২৭০ ৰ ঘৰ অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি মৃত ২৭৬ জন লগতে নিৰুদ্দিষ্টৰ সংখ্যা ১৯১ জনতকৈ অধিক।

ইফালে বৰ্তমান চিকিৎসাধীন ঘটনাত আঘাতপ্ৰাপ্ত প্ৰায় ২০০ জন লোক। ইতিমধ্যে ৩ হাজাৰ লোকক প্ৰশাসনে উদ্ধাৰ কৰিছে। ৱায়নাড়ৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ (পি আৰ ডি) নিয়ন্ত্ৰণ কক্ষৰ সূত্ৰ অনুসৰি, ৯৬ জন ভুক্তভোগীক চিনাক্ত কৰিছে। ইয়াৰে ভিতৰত ৭৭ জন পুৰুষ, ৬৭ গৰাকী মহিলা আৰু ২২ টা শিশু।

ইতিমধ্যে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, মুঠ ৭৫ টা মৃতদেহ আত্মীয়ক হস্তান্তৰ কৰিছে প্ৰশাসনে। উল্লেখ্য যে শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰিব বিৰোধী দলৰ সাংসদ ৰাহুল গান্ধীয়ে।

উল্লেখ্য যে, মঙলবাৰে পুৱা ৱায়নাড়ত দুটাকৈ ভূমিস্খলনৰ সংঘটিত হোৱা পাছত ধ্বংসলীলাৰ সৃষ্টি হৈছিল। এতিয়াও সন্ধানহীন হৈ আছে ২৪০ গৰাকী লোক ।

Wayanad landslides