বলিউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰ আৰু নাই...

বলিউডৰ প্ৰবীণ অভিনেতা, চলচ্চিত্ৰ পৰিচালক মনোজ কুমাৰ আৰু নাই। ৮৭ বছৰ বয়সত তেওঁ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Tushar Pratim
New Update
বলিউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰ আৰু নাই...

ডিজিটেল ডেস্কঃ  বলিউডৰ প্ৰবীণ অভিনেতা, চলচ্চিত্ৰ পৰিচালক মনোজ কুমাৰ আৰু নাই। ৮৭ বছৰ বয়সত তেওঁ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

Advertisment

জানিব পৰা মতে তেওঁ যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল। সেয়ে তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল।

বলিউডত ভাৰত কুমাৰ নামেৰে পৰিচিত মনোজ কুমাৰৰ মৃত্যুৱে বলিউডৰ লগতে চলচ্চিত্ৰ প্ৰেমিসকলৰ মাজত শোকৰ ছাঁ পেলাইছে। সামাজিক মাধ্যমতো তেওঁৰ অনুৰাগীসকলে তেওঁৰ অভিনয় সোঁৱৰি শ্ৰদ্ধাঞ্জলি জনাইছে।

উল্লেখ্য যে, ভাৰতীয় চলচ্চিত্ৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। তাৰোপৰি তেওঁ আছিল সন্মানীয় দাদাচাহেব ফাল্কে বঁটা বিজয়ীও।

মনোজ কুমাৰৰ প্ৰকৃত নাম আছিল হৰিকৃষ্ণ গিৰি গোস্বামী। তেওঁ বলীউডৰ জৰিয়তে কেইবাখনো দেশপ্ৰেমূলক ছবি উপহাৰ দি গৈছে। তাৰ ভিতৰত উপকাৰ (১৯৬৭), পূৰব ঔৰ পাছিম (১৯৭০), ক্ৰান্তি (১৯৮১)ৰ দৰে ক্লাছিক চিনেমা।

দেশপ্ৰেমিক নায়ক হিচাপে ৰূপালী পৰ্দাত তেওঁ দেখুওৱা চৰিত্ৰৰ বাবে তেওঁক ভাৰত কুমাৰ আখ্যা দিয়া হৈছিল।  তেওঁৰ আন কেইখনমান জনপ্ৰিয় ছবি হল- পতথৰ কে ছনম, শোৰ, সন্যাসী আৰু ৰৌতি কপড়া ঔৰ মাকন।

তেওঁৰ মৃত্যুত চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে শোক প্ৰকাশ কৰি কয়, "কিংবদন্তি দাদাচাহেব ফাল্কে বঁটা বিজয়ী, আমাৰ প্ৰেৰণা আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ 'সিংহ' মনোজ কুমাৰ জী আৰু নাই। এয়া উদ্যোগটোৰ বাবে এক বৃহৎ ক্ষতি আৰু সমগ্ৰ উদ্যোগটোৱে তেওঁৰ অনুপস্থিতি অনুভৱ কৰিব।"

 

মুম্বাই বলিউড