আমাৰ চৰকাৰ আহিলে ন্যূনতম আয় আঁচনি আমি আৰম্ভ কৰিমঃ ৰাহুল গান্ধী

আমাৰ চৰকাৰ আহিলে ন্যূনতম আয় আঁচনি আমি আৰম্ভ কৰিমঃ ৰাহুল গান্ধী

author-image
asomiyapratidin
New Update
ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৰ্ভণৰ ৰঘুৰাম ৰাজনৰ দৰে অৰ্থনীতিবিদে প্ৰস্তুত কৰি উলিয়াইছে নূন্যতম আয় যোজনাঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে শনিবাৰে উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাহুল গান্ধীয়ে কয়- যদি নিৰ্বাচনৰ পাছত কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠন কৰে, তেন্তে দৰিদ্ৰ পৰিয়ালবোৰৰ বাবে ন্যূনতম আয় গেৰাণ্টী যোঁজনা আৰম্ভ কৰা হ'ব। আৰু এই ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব।

Advertisment

উত্তৰাখণ্ডত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে চলোৱা প্ৰচাৰ অভিযান আৰম্ভ কৰি তেওঁ লগতে কয়- এক নিৰ্ধাৰিত ধনৰ তলত উপাৰ্জন কৰা সকলো লোকে ন্যূনতম আয় দিয়া হ'ব। আৰু এনে ধৰণৰ আঁচনি আৰম্ভ কৰিব লগা ভাৰতে প্ৰথম দেশ হ'ব।

কংগ্ৰেছ অধ্যক্ষ ৰাহু গান্ধীয়ে জনায়- ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ৰ ক্ষেত্ৰত কংগ্ৰেছ পাৰ্টীয়ে দেশ আৰু চৰকাৰৰ সৈতে থিয় হৈ আছে। লগতে তেওঁ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি কয় যে, আমি সংবাদমেল বাতিল কৰিছিলো আৰু সেই দিনাই প্ৰধানমন্ত্ৰীয়ে পাৰ্কত ফিল্ম বনাই আছিল। আনহাতে, অনিল আম্বানীকো কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে সমালোচনা কৰে। তেওঁ কয়- এই কাগজখনো যদি অনিল আম্বানীক দি দিয়া হয়, তেতিয়াও তেখেতে কাগজৰ জাহাজ এখনো বনাব নোৱাৰিব।