/asomiyapratidin/media/media_files/2025/02/05/vUnDNqi7jJFlIvc54YA1.png)
ডিজিটেল ডেস্কঃ যেন দুধৰ্ষ অপৰাধী। দুই হাতত হেণ্ডকাফ আৰু ককালৰ পৰা দুভৰিলৈ শিকলিৰে বন্ধা আছে তেওঁলোকক। তেনেদৰেই তেওঁলোকক শাৰী পাতি উঠাই দিয়া হৈছে বিমানলৈ।
বিমানৰ ভিতৰতো তেওঁলোকক সেইদৰেই হাত, ভৰি বান্ধি থোৱা আছে। কাষত অত্যাধুনিক অস্ত্ৰৰে সু-সজ্জিত আমেৰিকান সেনা।
এনেকৈয়ে আমেৰিকাৰ পৰা ভাৰতলৈ লৈ অনা হ’ল ২০৫ জন ভাৰতীয়ক। তেওঁলোকৰ অপৰাধ অভৈধভাৱে বাস কৰি আছিল দেশখনত। সেয়ে ক্ষমতালৈ আহিয়েই বিদেশী বিতাৰণৰ বাবে ড’নাল্ড ট্ৰাম্পে লোৱা পদক্ষেপৰ অংশ হিচাপেই তেওঁলোকক ভাৰতলৈ প্ৰেৰণ কৰা হৈছে।
আজি আমেৰিকাৰ পৰা ২০৫ ভাৰতীয়ক কঢ়িয়াই অনা এখন বিমান অমৃতচৰত অৱতৰণ কৰিলে।মঙলবাৰে টেক্সাছ চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল এই বিমানখনে। বুধবাৰে দিনটোত যাতে বিমান বন্দৰৰ চৌহদত কোনো ধৰণৰ অপ্ৰীতিকৰ ব্যৱস্থাৰ সূচনা নহয় তাৰ বাবে পূৰ্বেই বিমান বন্দৰ কৰ্তৃপক্ষৰ লগতে প্ৰশাসনক অৱগত কৰা হৈছিল।
প্ৰশাসনেও সাম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল বিমান বন্দৰৰ বাহিৰে ভিতৰে। বিমান বন্দৰৰ পথত পঞ্জাৱ আৰক্ষীয়ে নিৰ্মাণ কৰিছিল নিৰাপত্তাৰ বেহু।
US deports 205 indian migrants set to Land in Amritsar pic.twitter.com/lj921ixT2I
— Psychic Of Internet (@ITIG007) February 5, 2025
জানিব পৰা মতে প্ৰথম পৰ্যায়ত আমেৰিকাই ভাৰতলৈ এই ২০৫ জন ভাৰতীয়ক প্ৰেৰণ কৰিছে। ইয়াৰ পাছত আৰু অবৈধ ভাৰতীয়ক পৰ্যায়ক্ৰমে স্বদেশলৈ প্ৰেৰণ কৰা হ’ব। আজি ভাৰতত আমেৰিকাৰ পৰা লৈ অহা এই ভাৰতীয়সকলক অৱতৰণ কৰাৰ পূৰ্বে তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা কৰা হৈছে।
উল্লেখ্য যে, বুধবাৰে দিনৰ ১ বাজি ৫৯ মিনিটত অমৃতচৰৰ শ্ৰীগুৰু ৰামদাসজি আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে এই মাৰ্কিন বিমানখনে। সেই সময়ত তাত উপস্থিত আছিল ৰাজ্যখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে শীৰ্ষ প্ৰশাসনিক বিষয়া।
সেই সময়ত নতুন দিল্লীৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ এজন প্ৰতিনিধিও বিমানবন্দৰত উপস্থিত আছিল। আমেৰিকাই বিতাৰণ কৰা এই অবৈধ নাগৰিকসকলৰ বেছিভাগেই মেক্সিকো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমান্তত ধৰা পৰিছিল।
First batch of 205 illegal Indian migrants in US are enroute to India on board USAF C-17 military aircraft.
— 𝔻𝕙𝕒𝕣𝕞𝕒𝕒 𝕊ã𝕟𝕜𝕒𝕣 (@KaleshiBua) February 4, 2025
Aircraft is expected to land in Amritsar Airport in 24 hours.
Sympathise with them! They tried to escape poverty & make a better life but that dream has now ended! pic.twitter.com/AcaTLzDHU8
তেওঁলোকক ভাৰতলৈ লৈ অহা হৈছে যদিও ভাৰত চৰকাৰে তেওঁলোকক গ্ৰেপ্তাৰ নকৰে। কিয়নো তেওঁলোকে ভাৰতীয় আইন উলংঘা কৰা নাই। তেওঁলোকে ভাৰত ত্যাগ কৰাৰ সময়তো সকলো আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিছিল। সেয়ে তেওঁলোকক ভাৰতত গ্ৰেপ্তাৰ কৰাৰ কোনো সম্ভাৱনা নাই।
পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে জনোৱা মতে ৰাজ্য চৰকাৰে বিমানবন্দৰত অবৈধ অনুপ্ৰৱেশকাৰীসকলক গ্ৰহণ কৰিব। তেওঁলোকক সহায় কৰিবলৈ এটা পৃথক কাউণ্টাৰো খোলা হৈছে।