Advertisment

উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডতো আজি নিৰ্বাচন...

আজি ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে আন দুই ৰাজ্যতো অনুষ্ঠিত হৈছে উপনিৰ্বাচন। উত্তৰ প্ৰদেশৰ ৯খন বিধানসভা আসন আৰু উত্তৰাখণ্ডৰ ১খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হৈছে উপনিৰ্বাচন...

author-image
Asomiya Pratidin
New Update
উত্তৰ প্ৰদেশ

ডিজিটেল ডেস্কঃ আজি ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ লগতে আন দুই ৰাজ্যতো অনুষ্ঠিত হৈছে উপনিৰ্বাচন। উত্তৰ প্ৰদেশৰ ৯খন বিধানসভা আসন আৰু উত্তৰাখণ্ডৰ ১খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত হৈছে উপনিৰ্বাচন। পুৱা ৬বজাৰ পৰাই উত্তৰ প্ৰদেশৰ ভোটকেন্দ্ৰ সমূহত দেখা গল ভোটাৰৰ ব্যাপক ভিৰ।

Advertisment

উত্তৰ প্ৰদেশৰ ৯খন আসনৰ বাবে ৯০গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৩৬লাখৰো অধিক ভোটাৰে এই ৯সমষ্টিত ৯০গৰাকীৰ প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব। উত্তৰাখণ্ডতো আজি কেদাৰনাথ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। এই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আশা নৌটিৱাল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ৰাৱটৰ মাজতে মূলযুঁজখন হব বুলি ধাৰণা কৰা হৈছে।

উত্তৰ প্ৰদেশত উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিকেইটা হৈছে- গাজিয়াবাদ, মীৰাপুৰ, খেৰ, কুন্দৰকী, কটেহৰী, কৰহল, ফুলপুৰ আৰু মিৰ্জাপুৰ। 

ইফালে আজি মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ২৫খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। এই নিৰ্বাচনত মুঠ ৪,১৪০ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। 

আনহাতে ঝাৰখণ্ড আজি অন্তিম তথা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনত ৩৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। এই ৩৮টা সমষ্টিত ৫২৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনো।  ঝাৰখণ্ডত আজিৰ নিৰ্বাচনত ভোটদান কৰিব ১.২৩কোটি ভোটাৰে। 

উত্তৰ প্ৰদেশ