দুটা পৰ্যায়ত ডিজিটেল মাধ্যমেৰে হ'ব ১৬ সংখ্যক জনগণনা...

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা অনুসৰি ১৬ সংখ্যক ৰাষ্ট্ৰীয় জনগণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ঘৰলৈ গৈ তালিকাভুক্তিকৰণ কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
দুটা পৰ্যায়ত ডিজিটেল মাধ্যমেৰে হ'ব ১৬ সংখ্যক জনগণনা...

ডিজিটেল ডেস্কঃ  কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা অনুসৰি দেশৰ ১৬ সংখ্যক ৰাষ্ট্ৰীয় জনগণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত ঘৰলৈ গৈ তালিকাভুক্তিকৰণ কৰা হ’ব। য’ত প্ৰতিটো পৰিয়ালৰ গৃহ পৰিস্থিতি, ভৌতিক সুবিধা আৰু সম্পত্তিৰ তথ্য সংগ্ৰহ কৰা হ’ব। তাৰোপৰি প্ৰতিজন ব্যক্তিৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশৰো তথ্য সংগ্ৰহ কৰা হ’ব। 

Advertisment

উল্লেখ্য যে, এইবাৰ এইবাৰ জনগণনাত জাতিগত তথ্য সংগ্ৰহ কৰা হ’ব। এই জণগণনা বা লোক পিয়লৰ কাৰ্য সম্পাদনৰ বাবে প্ৰায় ৩৪ লাখ গণনাকাৰী আৰু পৰ্যবেক্ষক নিযুক্তি দিয়া হ’ব। এইবাৰ গণনা প্ৰক্ৰিয়া ডিজিটেল মাধ্যমৰ সহায়ত সম্পাদনা কৰা হ’ব। পৰিয়ালসমূহেও নিজৰ পৰিয়ালৰ তথ্য আত্মগণনাৰ মাধ্যমেৰেও প্ৰেৰণ কৰিব পাৰিব। তথ্য সংগ্ৰহ, প্ৰেৰণ আৰু সংৰক্ষণৰ সময়ত দৃষ্টান্তমূলক ডাটা সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ’ব, যাতে লোকসকলৰ ব্যক্তিগত তথ্য সম্পূৰ্ণ নিৰাপদ থাকে।

 

জাতিগত লোকপিয়ল