/asomiyapratidin/media/media_files/2025/02/08/FtByRI6sQiwOw1tfFQLh.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে নতুন আয়-কৰ বিধেয়কত অনুমোদন জনাইছে। এই বিধেয়কখন অহা সপ্তাহত সংসদত উত্থাপন কৰা হ’ব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী কৰ্তৃত্বশীল বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, “আমি আইনখন সহজ আৰু সংক্ষিপ্ত কৰিবলৈ ধাৰাবোৰ ২৫-৩০ শতাংশ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছোঁ। আমি proviso আৰু ব্যাখ্যাবোৰ আঁতৰাই দিছোঁ আৰু শব্দৰ সংখ্যা আধা কৰিছোঁ।”
তেওঁ কয় যে, এই বিধেয়কত কৰ্তৃপক্ষক অত্যধিক ক্ষমতা প্ৰদান কৰা হোৱা নাই। “ ইয়াত অত্যধিক ক্ষমতাৰ অপ্ৰয়োগৰ কোনো কথা নাই। আয়ৰ পৰিমাণ নিৰ্ধাৰণ আৰু কৰৰ হাৰ সংক্ৰান্তত মূল ক্ষমতা সংসদৰ হাততেই থাকিব। সংসদীয় অনুমোদনৰ পিছতহে প্ৰতিটো টকা সংগ্ৰহ কৰিব পৰা যাব। এয়াই হৈছে কৰৰ মূল নীতি আৰু ই কেতিয়াও সলনি হ’ব নোৱাৰে।
আন এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে, এই সংশোধনীৰ মূল লক্ষ্য হৈছে সৰলিকৰণ, স্পষ্টতা আৰু সহজে বুজিব পৰা কৰি তোলাষ। ইয়াত সৰল ভাষা আৰু চমু বাক্য ব্যৱহাৰ কৰাৰ লগতে পুনৰাবৃত্তি আৰু জটিল ব্যাখ্যাবোৰ আঁতৰোৱাৰ লক্ষ্য ৰখা হৈছে।”
উল্লেখ্য যে, আয়-কৰ বিভাগে স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰু কৰদাতা, ব্যৱসায় আৰু বিশেষজ্ঞসকলৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিবলৈ এই বিধেয়কখন ৰাজহুৱা পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিব। ইফালে বাজেট দাখিলৰ পাছতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদ মাধ্যমৰ আগত কৈছিল, এই বিধেয়কখন সংসদত উত্থাপন কৰাৰ পিছত ইয়াক অৰ্থ সমিতিলৈ প্ৰেৰণ কৰা হ’ব।
সীতাৰামনৰ মতে আয়-কৰ আইনৰ ক্ষেত্ৰত বৰ্তমানৰ ভাষা যথেষ্ট জটিল। এনে জটিল ভাষাৰ বাবে বিভিন্ন আদালতৰ দ্বাৰা সৃষ্ট ব্যাখ্যা সংক্ৰান্তীয় বহু সমস্যা আছে। সেইবোৰ সমাধান কৰাটোও এই বিধেয়কৰ লক্ষ্য।
এই বিধেয়কৰ বিষয়ে মন্তব্য কৰি কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড (CBDT)ৰ পূৰ্বৰ সদস্য আৰু PwCৰ উপদেষ্টা অখিলেশ ৰঞ্জনে কয় যে, নতুন বিধেয়কৰ দ্বাৰা একে বিষয়ৰ সৈতে জড়িত ধাৰাবোৰ একত্ৰিত কৰা হ’ব বুলি আশা কৰা হৈছে। “ইয়াত cross-referencing এৰাই চলা হ’ব আৰু প্ৰতিটো অধ্যায়ৰ নিজা সংজ্ঞা থাকিব। এই সংশোধনীয়ে আইনখনক অধিক বুজিবলৈ সহজ আৰু মানি চলিবলৈ সুবিধাজনক কৰি তুলিব।
তথ্য অনুসৰি এই বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ১০০ তকৈ অধিক অভিজ্ঞ বিষয়া জড়িত আছিল।