/asomiyapratidin/media/media_files/2025/03/10/La7rkkoWoLumFA6KHsuw.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত জম্মু-কাশ্মীৰ সন্মুখীন হোৱা ৰূপান্তৰৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কেতবোৰ বিষয় উল্লেখ কৰিছে। তেওঁ অপৰূপ সৌন্দৰ্যৰ অধিকাৰী জম্মু কাশ্মীৰক অপৰিসীম সম্ভাৱনাৰোস্থল বুলি উল্লেখ কৰি এই অঞ্চলটোৱে যোৱা সময়ছোৱাত পৰ্যাপ্ত উন্নয়নৰ সন্মুখীন হোৱা নাই বুলিও আক্ষেপ প্ৰকাশ কৰে।
তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত বিগত দশকত এই অঞ্চলটোলৈ এক অভূতপূৰ্ব পৰিবৰ্তন আহিছে। ইয়াৰ মূলতে হৈছে উন্নত আধুনিক আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা।
আন্তঃগাঁথনিৰ উন্নয়নে উন্মোচিত কৰিছে নতুন সুযোগ
তেওঁ কয়, স্বাধীনতাৰ পাছত জম্মু-কাশ্মীৰ বহু সমস্যাৰ সন্মুখীন হৈছিল। বিশেষকৈ ভৌগলিক অৱস্থান আৰু সুৰক্ষাগত চিন্তাৰ বাবে। অনুন্নত আন্তঃগাঁথনিয়ে ব্যৱসায়, উদ্যোগ আৰু চাকৰিৰ ক্ষেত্ৰত সীমাবদ্ধতা সৃষ্টি কৰিছিল।
২০১৪ চনৰ পাছত, চৰকাৰে আন্তঃগাঁথনিৰ উন্নয়নক অগ্ৰাধিকাৰ দি এক বৃহৎ পৰিকল্পনা হাতত লৈছিল। যি এতিয়া বাস্তৱ ৰূপ লাভ কৰিছে। উন্নত পৰিবহন ব্যৱস্থাই কৃষকসকলৰ বাবে সামগ্ৰী প্ৰেৰণ সহজ কৰিছে। ব্যৱসায়ৰ ক্ষেত্ৰটো অধিক বিস্তৃত কৰিছে আৰু পৰ্যটন ক্ষেত্ৰখনৰ যথেষ্ট উন্নতি ঘটাইছে।
সফলতাৰ নতুন দিগন্ত
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, জম্মু-কাশ্মীৰৰ আন্তঃগাঁথনি উন্নয়ন কাৰ্যসূচীত বহুতো প্ৰত্যাহ্বান আছিল। এই প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছিল পাহাৰীয়া অঞ্চল, কঠিন বতাহ পৰিস্থিতি, আৰু সুৰক্ষাগত বাধা আদি প্ৰকৃতি আৰু মানৱসৃষ্ট সমস্যা। কিন্তু আধুনিক প্ৰযুক্তি, উদ্ভাৱনী পৰিকল্পনা আৰু অভিযান্ত্ৰিক দক্ষতাৰ জড়িয়তে এই সমস্যাসমূহৰ সমাধান কৰা হৈছে।
পৰ্যটন আৰু যোগাযোগ উন্নয়ন
জম্মু কাশ্মীৰৰ পৰ্যটনৰ বিকাশৰ বাবে ৫৪ টা ৰোপৱে প্ৰকল্পৰ কাম চলি আছে বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। ইয়াৰ বাবে প্ৰাথমিকভাৱে ২,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে।
শংকৰাচাৰ্য মন্দিৰ ৰোপৱে আৰু বল্টাল-অমৰনাথ ৰোপৱে তীৰ্থ যাত্ৰীৰ বাবে বিশেষ সুবিধাজনক হ'ব। লগতে জম্মু-শ্ৰীনগৰ কৰিড'ৰৰ বাবে ৪৫,০০০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে, যিয়ে অঞ্চলটোৰ সংযোগব্যৱস্থা অধিক উন্নত কৰি তুলিব।
প্ৰধান আন্তঃগাঁথনি প্ৰকল্পসমূহ
চৰকাৰে ১ লাখ কোটি টকা বিনিয়োগৰ যোগেদি দেশজুৰি পথ আৰু সুৰংগ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলাইছে, যাৰ ভিতৰত জম্মু-কাশ্মীৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প অন্তৰ্ভুক্ত—
• Z-মোৰ সৰুংগ: ৬.৫ কিলোমিটাৰ দীঘল এই সুৰংগই লেহ, সোনমাৰ্গ আৰু কাৰ্গিলৰ সংযোগ নিশ্চিত কৰিব।
• জোজিলা সুৰংগ: ১৪ কিলোমিটাৰ দীঘল উচ্চতম উচ্চতাৰ এই সুৰংগই শ্ৰীনগৰ-লেহ পথত যাত্ৰা সময় ৩.৫ ঘণ্টা হ্ৰাসকৰিব।
• শ্ৰীনগৰ ৰিং ৰ'ড: ১০৪ কিমি দৈৰ্ঘ্যৰ এই ফ'ৰ-লেন হাইৱে ২০২৬ৰ ভিতৰত সম্পূৰ্ণ হ'ব।
• দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱে: ৪১,০০০ কোটি টকা ব্যয়ৰে ৬৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছৱেটোৱে দিল্লী-কাটৰা যাত্ৰাৰ সময় হ্ৰাস কৰিব।
এই বৃহৎ আন্তঃগাঁথনি উন্নয়ন কার্যসূচীয়ে জম্মু-কাশ্মীৰক ৰাষ্ট্ৰীয় বিকাশৰ মূল প্ৰবাহৰ লগত সংযুক্ত কৰি তুলিছে আৰু অঞ্চলটো দ্ৰুত উন্নয়নৰ দিশত আগুৱাই গৈ আছে।