/asomiyapratidin/media/media_files/2025/05/22/5Xk3pXptWtWgRxYgXOxe.jpg)
ডিজিটেল ডেস্কঃ চি পি আই (মাওবাদী)ৰ সাধাৰণ সম্পাদক নম্বালা কেশৱ ৰাও ওৰফে বাসৱৰাজু, ছত্তীশগড়ৰ আবুঝামদ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হোৱা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘাতত নিহত হোৱা ২৭জন মাওবাদীৰ ভিতৰত বাসৱৰাজুও অন্যতম।
এই অভিযানত বাসৱৰাজুক নিহত হোৱা বুলি নিশ্চিত কৰা শ্বাহে কয় যে তেওঁ আছিল মাওবাদী আন্দোলনৰ মেৰুদণ্ড।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, তেওঁ এই সফলতাৰ বাবে নিৰাপত্তা বাহিনীক লৈ গৌৰৱ অনুভৱ কৰিছে।
শ্বাহৰ এক্সৰ এটা পোষ্টক উদ্ধৃতি দি এক্সতে আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘মাওবাদৰ বিপদ দূৰ কৰি আমাৰ জনসাধাৰণৰ বাবে শান্তি আৰু প্ৰগতিৰ জীৱন নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এক্সৰ ওপৰত দিয়া পোষ্টত গৃহমন্ত্ৰীগৰাকীয়ে বাসৱৰাজুৰ মৃত্যুক নক্সালবাদ নিৰ্মূলৰ যুদ্ধত এক ডাঙৰ কৃতিত্ব বুলি অভিহিত কৰে।
শ্বাহে কয় যে আজি ছত্তীশগড়ৰ নাৰায়ণপুৰত এক অভিযানত আমাৰ নিৰাপত্তা বাহিনীয়ে চিপিআই-মাওবাদীৰ সাধাৰণ সম্পাদক, সৰ্বোচ্চ নেতা, নক্সাল আন্দোলনৰ মেৰুদণ্ড নম্বালা কেশৱ ৰাও ওৰফে বাসৱৰাজুকে ধৰি ২৭জন দুধৰ্ষ মাওবাদীক নিষ্ক্ৰিয় কৰিছে।নক্সালবাদৰ বিৰুদ্ধে ভাৰতৰ তিনি দশকৰ যুদ্ধৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদৰ নেতাক আমাৰ বাহিনীয়ে নিষ্ক্ৰিয় কৰি পেলাইছে। এই বৃহৎ অগ্ৰগতিৰ বাবে আমাৰ সাহসী নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহক শলাগ লৈছো।’
সবিশেষ শ্বেয়াৰ কৰি তেওঁ কয় যে, অপাৰেচন ব্লেক ফৰেষ্ট সম্পূৰ্ণ হোৱাৰ পিছত ছত্তীশগড়, তেলেংগানা, আৰু মহাৰাষ্ট্ৰত ৫৪ জন নক্সালবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৮৪ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। শ্বাহে কয়, ‘মোডী চৰকাৰে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদ নিৰ্মূল কৰাৰ সংকল্প লৈছে।
ৰাজ্যখনৰ গৃহমন্ত্ৰী বিজয় শৰ্মাই কয়, ‘যোৱা ৭২ ঘন্টা ধৰি এই অভিযান চলি আছে। বুধবাৰে সংঘটিত হোৱা এই এনকাউণ্টাৰত ২৬ জনতকৈ অধিক মাওবাদী নিহত হয়।
৭১ বছৰীয়া বাসৱৰাজুক ২০১৮ চনত নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)ৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল
১৯৭০ চনৰ পৰা মাওবাদী আন্দোলনৰ প্ৰবীণ বাসৱৰাজু দেশৰ আটাইতকৈ বেছি সময় লুকাই থকা মাওবাদী নেতাসকলৰ ভিতৰত অন্যতম আৰু তেওঁৰ মূৰত ১.৫ কোটি টকা পুৰস্কাৰ আছিল।
তেওঁৰ শেহতীয়া ফটো কোনো সংস্থাৰ হাততে নাই। আন এক তদন্তত প্ৰকাশ পাইছে যে তেওঁৰ গৃহ চহৰত কোনো সম্পত্তি নাই। তেওঁৰ প্ৰধান কাৰ্য্যকলাপৰ ক্ষেত্ৰসমূহ হৈছে ছত্তীশগড়, তেলেংগানা, আৰু মহাৰাষ্ট্ৰৰ কিছু অংশ।
১৯৮০ চনত অন্ধ্ৰপ্ৰদেশত ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী-লেনিনবাদী জনযুদ্ধ (CPIMLPW) গঠনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৮৭ চনত বাসৱৰাজুৱে গণপথী আৰু প্ৰয়াত কিছানজীৰ দৰে আন জ্যেষ্ঠ মাওবাদী নেতাৰ সৈতে বাস্তৰৰ আবুঝমাদ অৰণ্যত প্ৰাক্তন তামিল বিদ্ৰোহীৰ পৰা এম্বুছ কৌশল আৰু বিস্ফোৰক সামগ্ৰীৰ প্ৰশিক্ষণ লাভ কৰা বুলি ধাৰণা কৰা হয়।
১৯৯২ চনৰ পৰা দলীয় পদবীৰ ভিতৰত তেওঁৰ উত্থান অব্যাহত থাকে। ২০০৪ চনত চিপিআইএমএলপিডব্লিউ আৰু ভাৰতীয় কমিউনিষ্ট চেণ্টাৰ (এমচিচিআই) একত্ৰিত হৈ চিপিআই (মাওবাদী) গঠন হোৱাৰ লগে লগে বাসৱৰাজুক কেন্দ্ৰীয় সামৰিক আয়োগৰ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। সূত্ৰ অনুসৰি বাসৱৰাজুৱে কমেও ৮ বছৰ ধৰি আবুঝমাদত শিবিৰ পাতি আছিল।
A landmark achievement in the battle to eliminate Naxalism. Today, in an operation in Narayanpur, Chhattisgarh, our security forces have neutralized 27 dreaded Maoists, including Nambala Keshav Rao, alias Basavaraju, the general secretary of CPI-Maoist, topmost leader, and the…
— Amit Shah (@AmitShah) May 21, 2025