সংসদীয় বৈঠকত কাঁচৰ বটল ভাঙি চৰ্চিত তৃণমূল কংগ্ৰেছৰ সাংসদ

মিমিক্ৰিৰে নহয়, সংসদৰ যুটীয়া সমিতিৰ বৈঠকত কাঁচৰ বটল ভাঙি চৰ্চিত তৃণমূল কংগ্ৰেছৰ সাংসদ

author-image
Asomiya Pratidin
New Update
সংসদীয় বৈঠকত কাঁচৰ বটল ভাঙি চৰ্চিত তৃণমূল কংগ্ৰেছৰ সাংসদ

ডিজিটেল ডেস্কঃ পুনৰ বাতৰিৰ শিৰোনাম দাখিল কৰিছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ মিমিক্ৰিৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰা তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে। কথাতে কয়, খং উঠিলে তাৰ কু-প্রভাব মানুহৰ শৰীৰ আৰু মনৰ ওপৰত পৰে। বেনাৰ্জীৰ ক্ষেত্ৰটো এতেই হ'ল। এইবাৰ অন্য নেতাৰ মিমিক্ৰিৰে নহয়, সংসদীয় সমিতিৰ বৈঠকত খঙত অগ্নিশৰ্মা হৈ পানীৰ গ্লাছ ভাঙি সৰ্বত্ৰে চৰ্চিত হৈছে কল্যাণ বেনাৰ্জী।

দৰাচলতে ৱাকফ ব'ৰ্ড বিধেয়ক সন্দৰ্ভত যৌথ সংসদীয় সমিতিৰ সৈতে এখন বৈঠকত মিলিত হৈছিল বেনাৰ্জী। বৈঠকৰ মাজতে বিজেপিৰ প্ৰাক্তন সাংসদ আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয় তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকী। ইয়াৰ মাজতে দুয়োগৰাকী সাংসদে অসংসদীয় ভাষা প্ৰয়োগ কৰে।

অনিয়ন্ত্ৰিত খঙত উত্তেজিত হৈ টিএমচিৰ সাংসদ বেনাৰ্জীয়ে টেবুলত থকা কাঁচৰ বটল হাতেৰে ভাঙি দিয়ে। এই ঘটনাত কল্যাণ বেনাৰ্জী আঙুলিত আঘাত পায়। এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেছি আৰু আপ নেতা সঞ্জয় সিঙে কল্যাণ বেনাৰ্জীক উক্ত স্থানৰ পৰা উলিয়াই অনা পৰিলক্ষিত হয়।

উল্লেখ কৰা প্ৰয়োজন যে,সাংসদত কল্যাণ বেনাৰ্জীয়ে অসংসদীয় ভাষা ব্যৱহাৰ কৰা বা বিশৃংখল আচৰণ কৰা ঘটনা এয়াই নতুন নহয়। জগদীপ ধনখড়ৰ মিমিক্ৰিৰ ঘটনাটো উপ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁক তীব্ৰ ভাষাৰে গৰিহণা দিছিল।

Also Read: আকৌ বন্ধুৰ দেশত মোডীঃ কৃষ্ণ বন্দনা, ভাৰতীয় সংস্কৃতি প্ৰদৰ্শনেৰে জনালে আদৰণি

TMC MP TMC's Kalyan Banerjee