Advertisment

ছইফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ...

বলিউড অভিনেতা ছইফ আলী খানৰ মুম্বাইৰ বেন্দ্ৰাস্থিত বাসগৃহচ ছুৰীৰে আঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। ধৃত আক্ৰমণকাৰীক আৰক্ষীয়ে লৈ গৈছে বেন্দ্ৰা আৰক্ষী থানালৈ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ছইফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ বলিউড অভিনেতা ছইফ আলী খানৰ মুম্বাইৰ বেন্দ্ৰাস্থিত বাসগৃহত ছুৰীৰে আঘাত কৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। ধৃত আক্ৰমণকাৰীক আৰক্ষীয়ে লৈ গৈছে বেন্দ্ৰা আৰক্ষী থানালৈ।

Advertisment

আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰৰ সময়ৰ এটা ভিডিঅ’ত দেখা গৈছে মুম্বাই আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰি লৈ গৈছে। অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো কথা উল্লেখ কৰা নাই। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি জনেই ছইফ আলী খানক আক্ৰমণ কৰা প্ৰকৃত আক্ৰমণকাৰীজন হয় নে নহয় সেয়াও এই পৰ্যন্ত স্পষ্টকৈ কোৱা নাই। উল্লেখ্য যে, ইতিমধ্যে ছইফ আলী খানৰ বাসগৃহৰ চিচি কেমেৰাত বন্দী হোৱা আক্ৰমণকাৰীৰ ফটো পোহৰলৈ আহিছিল।

জানিব পৰা মতে মুম্বাই আৰক্ষীয়ে ছইফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণকৰা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ২০ টাকৈ দল নিয়োগ কৰিছিল। এই ২০ টা দলে বেন্দ্ৰা আৰু নালা ছুপাৰা অঞ্চলত অভিযান অব্যাহত ৰাখিছিল।

ছইফ আলী খানৰ বাসগৃহত কাম কৰা মহিলাগৰাকী আছে আৰক্ষীৰ জিম্মাত। এই মহিলাগৰাকীৰ জৰিয়তেই আক্ৰমণকাৰীক চিনাক্ত কৰা হ’ব।

মন কৰিবলগীয়া যে, এতিয়াও এই আক্ৰমণকাৰীৰ সম্পূৰ্ণ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই মুম্বাই আৰক্ষীয়ে। তেওঁলোকে তদন্ত কৰি এই কথাই জানিব পাৰিছে যে, ছইফ আলী খানক আক্ৰমণ কৰি তেওঁ বেন্দ্ৰা ষ্টেচনৰ দিশে ৰাওনা হৈছিল।

সেয়ে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাত এতিয়া প্ৰকৃত পৰিচয় উদ্ধাৰ হ’ব। তেওঁ কিয় ছইফৰ ঘৰত সোমাই এই আক্ৰমণ কৰিলে সেয়াও স্পষ্ট হ’ব। আৰক্ষীয়ে এতিয়াও নিশ্চিত কৰিব পৰা নাই গ্ৰেপ্তাৰ হোৱা লোকজনেই প্ৰকৃত আক্ৰমণকাৰী হয়নে নহয়।  

গ্ৰেপ্তাৰৰ পূৰ্বে,  তেওঁক মুম্বাইৰ বেন্দ্ৰা ৰে’ল ষ্টেচন এলেকাত দেখা গৈছিল। স্মৰ্তব্য, বুধবাৰে পুৱতি নিশা সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাত অভিনেতাজনে মেৰুদণ্ড আৰু ডিঙিৰ ওচৰত গুৰুতৰ আঘাত পাইছে। ইতিমধ্যে তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ তথা বিপদমুক্ত বুলি জানিব পৰা গৈছে।

 

বলিউড মুম্বাই