/asomiyapratidin/media/media_files/2025/05/10/7BAoMWm4ZbSxHxTlmFft.png)
ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰে পাকিস্তানৰ সেনা আৰু চৰকাৰৰ সম্পৰ্ক কিমান ঘনিষ্ঠ সেয়া পুনৰ এবাৰ বিশ্বৰ আগত উন্মোচিত কৰি দিলে ভাৰতীয় সেনাই। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক বাৰে বাৰে বিশ্ব মঞ্চত নগ্ন কৰি দিয়াৰ পিছতো লজ্জাবোধ নথকা দেশখনে সন্ত্ৰাসবাদীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰি পুনৰ এবাৰ সন্ত্ৰাসবাদ যে তেওঁলোকৰ আজন্ম লগৰী সেই কথাক প্ৰমাণ কৰিছিল।
পাকিস্তানে সাধাৰণ নাগৰিকক ভাৰতীয় সেনাই হত্যা কৰাৰ অভিযোগ কৰি তেওঁলোকৰ জানাজা চৰকাৰী ভাৱে কৰাৰ যি অসত্য কথা কৈছিল সেয়া উন্মোচিত হৈছে। ৭ মে’ৰ পুৱতি নিশা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত চলোৱা অপাৰেচন সিন্দূৰৰ সময়ত নিহত হোৱা সন্ত্ৰাসবাদীৰ এক তালিকা প্ৰকাশ পোৱাৰ পাছতে বহু কথাই স্পষ্ট হৈছে।
মুঠ ৯ টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা সেই আক্ৰমণত প্ৰায় ১০০ জনৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱা বুলি প্ৰকাশ পাইছিল। তাৰ পাছতে পাকিস্তানে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰিছিল বহু কেইটা সন্ত্ৰাসবাদীৰ। আজি ৭ মে’ত নিহত হোৱা সন্ত্ৰাসবাদীৰ শীৰ্ষ নেতাৰ এক তালিকা প্ৰকাশ পাইছে।
সূত্ৰৰ আধাৰত এ এন আইয়ে প্ৰকাশ কৰা খবৰ অনুসৰি নিহত এই সন্ত্ৰাসবাদীৰ নেতাসকলৰ ভিতৰত আছিল লস্কৰ-ই-তৈবা আৰু জৈইছ-ই-মহম্মদৰ সৈতে সম্পৰ্কিত। এইসকল সীমান্তৰ সিপাৰে থাকি ভাৰতৰ বিভিন্ন অঞ্চলত বিশেষকৈ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল।
খবৰ অনুসৰি নিহত হৈছে মুদ্দাচ্ছৰ খাদিয়ান খান, হাফিজ মহম্মদ জামিল, মহম্মদ ইউছুফ আজহাৰ, খালিদ আবু আকাশা, মহম্মদ হাছান খান। ইয়াৰে মুদাচ্ছৰ খাদিয়ান খাছ লস্কৰ-ই-তৈইবাৰ সৈতে জড়িত।
এইটো সন্ত্ৰাসবাদীৰ জানাজাৰ নামাজ এখন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হৈছিল, য’ত আন্তঃৰাষ্ট্ৰীয় স্বীকৃত সন্ত্ৰাসবাদী সংগঠন জুডৰ আন এগৰাকী নেতা হাফিজ আব্দুল ৰউফে নামাজ পৰিচালনা কৰিছিল। পাকিস্তান সেনাৰ এজন কৰ্তব্যৰত লেফটেনেন্ট জেনেৰেল আৰু পঞ্জাব আৰক্ষীৰ আইজিও সেই জানাজাত উপস্থিত আছিল।
জৈইছ-ই-মহম্মদৰে আন এগৰাকী নেতা হাফিজ মহম্মদ জামিলো এই আক্ৰমণত নিহত হৈছিল। হাফিজ মহম্মদ জামিল মৌলানা মাসুদ আজহাৰৰ আটাইকেইতকৈ ডাঙৰ জীয়ৰীৰ স্বামী আছিল।
জৈইছ-ই-মহম্মদৰে নিহত আন এগৰাকী নেতা মহম্মদ ইউছুফ আজহাৰ ওৰফে উস্তাদ জী ওৰফে মহম্মদ ছলিম ওৰফে ঘোচী ছাহাব মৌলানা মাসুদ আজহাৰৰ ভনী জোৱাই। এইটো শীৰ্ষ সন্ত্ৰাসবাদী IC-814 বিমান অপহৰণ কাণ্ডৰ সৈতেও জড়িত আছিল।
খালিদ ওৰফে আবু আকাশা লস্কৰ-ই-তৈইবাৰ সদস্য। জম্মু-কাশ্মীৰত বহু আক্ৰমণৰ সৈতে জড়িত আছিল আবু আকাশা। তাৰোপৰি আফগানিস্তানৰ পৰা অস্ত্ৰ চোৰাং সৰবৰাহৰ সৈতেও জড়িত। তেওঁৰ জানাজা ফয়চলাবাদত অনুষ্ঠিত হৈছিল, য’ত পাকিস্তান সেনাৰ শীৰ্ষ বিষয়া আৰু উপায়ুক্ত পৰ্যায়ৰ বিষয়াও উপস্থিত আছিল।
মোহাম্মদ হাসান খান নামৰ জৈইছ-ই-মহম্মদৰ সদস্যগৰাকী মুক্তি আসগৰ খান কাশ্মীৰীৰ পুত্ৰ। তেওঁ আছিল পাকিস্তান অধিকৃত কাশ্মীৰত জৈইছ-ই-মহম্মদৰ কাৰ্যনিৰ্বাহক কমাণ্ডাৰ আছিল। জম্মু-কাশ্মীৰত সন্ত্রাসবাদী আক্ৰমণৰ ক্ষেত্ৰত আছিল এইটো সন্ত্ৰাসবাদীৰ মুখ্য ভূমিকা।
Details of terrorists killed in the Indian strikes on 7th May in Pakistan: Sources
— ANI (@ANI) May 10, 2025
1) Mudassar Khadian Khas @ Mudassar @ Abu Jundal. Affiliated with Lashkar-e-Taiba. His funeral prayer was held in a government school, led by Hafiz Abdul Rauf of JuD (a designated global…