/asomiyapratidin/media/media_files/2025/04/30/R5Gzz9D97CXvyZ74F7yi.jpg)
ডিজিটেল ডেস্কঃ দেশত বৰ্ধিত যুদ্ধ উত্তেজনাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ড চমুকৈ NSAB ক নতুনকৈ গঠন কৰিছে। এই ব’ৰ্ডৰ আটাই কেইজন সদস্যকে আঁতৰাই নতুনকৈ কেইবাজনকো দায়িত্ব দিয়া হৈছে।
মুঠ সাতগৰাকী সদস্যৰ এই ব’ৰ্ডত প্ৰাক্তন R&AW ৰ প্ৰধান অলক জোশীক অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। তাৰোপৰি এই ব’ৰ্ডত ভাৰতীয় স্থল নেতা, নৌ সেনা আৰু বায়ু সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰা তিনি উচ্চপদস্থ সেনা বিষয়াকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
তেওঁলোকে হ’ল, ৱেষ্টাৰ্ণ কামাণ্ডাৰ প্ৰাক্তন এয়াৰ মাৰ্শ্বেল পি এম সিনহা, ছাউথাৰ্ণ আৰ্মী কামাণ্ডাৰ প্ৰাক্তন লেফটেনেণ্ট জেনেৰেল এ কে সিং আৰু প্ৰাক্তন ৰিয়াৰ এডমিৰেল মন্টি খান্না। এই ব’ৰ্ডত ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰা দুজন সদস্যকো নিযুক্তি দিয়া হৈছে। তেওঁলোক ক্ৰমে প্ৰাক্তন আই পি এছ বিষয়া ৰাজীৱ ৰঞ্জন ভৰ্মা আৰু মনমোহন সিং।
ইয়াৰ উপৰিও, ভাৰতীয় বৈদেশিক সেৱাৰ (IFS) অৱসৰপ্ৰাপ্ত বিষয়া বি. ভেংকটেশ ভাৰ্মাকো এই উপদেষ্টা ব’ৰ্ডত অন্তর্ভুক্ত কৰা হৈছে। নতুনকৈ গঠন কৰা এই NSAB-এ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কৌশলগত নীতি নিৰ্ধাৰণত অধিক পৰিপক্কতা আৰু অভিজ্ঞতা যোগাব বুলি আশা কৰা হৈছে।
The Government has revamped the National Security Advisory Board.
— ANI (@ANI) April 30, 2025
Former R&AW chief Alok Joshi has been appointed as its Chairman. Former Western Air Commander Air Marshal PM Sinha, former Southern Army Commander Lt Gen AK Singh and Rear Admiral Monty Khanna are the retired… pic.twitter.com/bMqOiIK9TC