পিতৃৰ সপোন পূৰণ কৰিলে কন্যাই...

কন্যাৰ কাম দেখি আনন্দত চকু সেমেকি উঠিল এগৰাকী পিতৃৰ । এই ঘটনা সংঘটিত হৈছে মুম্বাই দ্য তাজ হোটেলত। বহু যুৱক - যুৱতীৰ বাবে প্ৰথম দৰমহা কেৱল দৰমহাই নহয়, ই এক সপোন

author-image
Asomiya Pratidin
New Update
new ap web  3 (2)

ডিজিটেল ডেস্ক : কন্যাৰ কাম দেখি আনন্দত চকু সেমেকি উঠিল এগৰাকী পিতৃৰ । এই ঘটনা সংঘটিত হৈছে মুম্বাই দ্য তাজ হোটেলত। বহু যুৱক - যুৱতীৰ বাবে প্ৰথম দৰমহা কেৱল দৰমহাই নহয়, ই এক সপোন আৰু আৱেগ। কোনোৱে দামী বস্তু কিনিবলৈ, কোনোৱে নিজৰ লগতে পিতৃ-মাতৃৰ সপোন পূৰ কৰিবলৈ সাচি ৰাখে এই দৰমহা।

কিন্তু তাৰ মাজতে মুম্বাইৰ এটি পৰিয়ালত এগৰাকী কন্যাই লাভ কৰা জীৱনৰ প্ৰথমটো দৰমহা দেখি আনন্দত চকুলো নিগৰি আহিল তেওঁৰ পিতৃৰ। কন্যাগৰাকী তেওঁৰ এই প্ৰথম দৰমহাৰ টকাকেইটাৰে দেউতাকৰ বাবে তাজ হোটেল বুক কৰি দেউতাকৰ আধৰুৱা সপোন পূৰ কৰে। প্ৰথমাৱস্থাত কন্যাৰ এই কথা পিতৃয়ে গম পোৱা নাছিল যদিও পাছত কন্যাই তেওঁক তাজলৈ লৈ যোৱাত কন্যাৰ কাম দেখি হতবাক হৈ পৰে। আৰু আনন্দত চকুলো নিগৰি আহে। 

তাজ হোটেলৰ এটা কোঠা বুকিংকৰি দেউতাকক আচৰিত কৰি তুলিলে। ইয়াৰ পিছত যি হল সেয়া আছিল এক গভীৰ আৱেগিক অভিজ্ঞতা। " পিতৃয়ে তাজ হোটেলৰ সেই হলবোৰৰ মাজেৰে খোজ কাঢ়ি যোৱা, সৰু ল'ৰাৰ দৰে হাঁহি থকা – সেই দৃশ্য দেখি অভিভূত হৈ পৰিছিল

তেওঁ আগতীয়াকৈ হোটেলৰ কৰ্মচাৰীসকলক অৱগত কৰিছিল আৰু সেইমৰ্মে হোটেলৰ কৰ্মচাৰীসকলে তেওঁৰ দেউতাকক ব্যক্তিগতকৃত চিঠি, ফুল, কেক আৰু পৰিয়ালৰ ফটোৰ ফ্ৰেম উপহাৰ হিচাপে দি আচৰিত কৰি তুলিছিল,

উচ্চ শিক্ষা লাভ কৰাৰ পিছত তাই নতুন চাকৰি এটাত যোগদান কৰিলে আৰু সিদ্ধান্ত ললে যে তাইৰ প্ৰথম দৰমহাৰে বিশেষ কিবা এটা কৰিব বিচাৰিছে। আৰু সেইমতে পিতৃ-মাতৃৰ আধোৰুৱা সপোন পুৰণ কৰিলে কন্যাই।

তাজ হোটেল