প্লাষ্টিকৰ সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, ২জনৰ মৃত্যু

বুধবাৰে দিল্লীৰ বাৱানত প্লাষ্টিকৰ সামগ্ৰী নিৰ্মাণ কৰা এটা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

author-image
Asomiya Pratidin
New Update
প্লাষ্টিকৰ সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, ২জনৰ মৃত্যু

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বুধবাৰে দিল্লীৰ বাৱানত প্লাষ্টিকৰ সামগ্ৰী নিৰ্মাণ কৰা এটা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। এই অগ্নিকাণ্ডত দুজন লোকৰ মৃত্যু হোৱা লগতে আন কেইবাজনো আহত হয়।

অগ্নি নিৰ্পাপক বিভাগৰ বিষয়াই জনোৱা অনুসৰি তেওঁলোকে খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল। ৬ খন গাড়ীয়ে জুই নুমুৱাৰ চেষ্টা চলাই যদিও ২ জন লোকৰ মৃত্যু হয়। ফেক্টৰীটোত প্ৰায় ৬ জন লোকে কাম কৰি আছিল।

চিগাৰেট লাইটাৰ স্ক্ৰেপৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসাধীন হৈ আছে।

Also Read: লোকসভাত মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধীতা কৰিলে কোন ২ সাংসদে...