বিধায়ক ক্ৰয় কৰিবলৈ গৈ পালেগৈ কাৰাগাৰ...

বিধায়ক ক্ৰয় কৰিবলৈ গৈ পালেগৈ কাৰাগাৰ...

ডিজিটেল ডেস্ক : তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৪ বিধায়কক ৫০ কোটি কৈ টকাত ক্ৰয় কৰিবলৈ গৈ কাৰাগাৰৰ আলহী হ'ল তিনি ব্যক্তি । ২৬ অক্টোবৰত শাসনাধিষ্ঠ দলটিৰ ৪ জন বিধায়কক ক্ৰয় কৰাৰ উদ্দেশ্যেৰে তেলেংগানাৰ ৰাজধানী হায়দাৰাবাদত উপস্থিত হৈছিল এই তিনিগৰাকী ব্যক্তি । পৰৱৰ্তী সময়ত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ৰোহিত ৰেড্ডীৰ বাসভৱনত চলা এক অভিযানত আটক কৰা হৈছিল ব্যক্তি তিনি গৰাকীক । দলটিৰ অভিযোগ অনুসৰি, ভাৰতীয় জনতা পাৰ্টীৰ 'অপাৰেচন লটাছ'ৰ অংশ হিচাপে তেলেংগানাত বিধায়ক ক্ৰয় কৰি ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰাটো মূল উদ্দেশ্য আছিল ব্যক্তি কেইগৰাকীৰ ।

উল্লেখ্য যে, অভিযানৰ পাছত ৰোহিত ৰেড্ডীয়ে অভিযোগ উত্থাপন কৰে যে, বিধায়ক ক্ৰয় কৰাত সহায় কৰাৰ বাবদ তেওঁক ১০০ কোটি টকা উপঢৌকন আগবঢ়াইছিল ব্যক্তি তিনি গৰাকীয়ে । ইয়াৰ পাছতেই, হায়দাৰাবাদ উচ্চ ন্যায়ালয়ে আৰক্ষীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে তিনিও গৰাকী ব্যক্তিক ।

আনহাতে, দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ ৰ অধীনত তিনিও গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in