/asomiyapratidin/media/media_files/2025/04/12/fO6XCAogGdpJCsq7YuPp.jpg)
ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী তহব্বুৰ ৰাণাৰ আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণে সন্ত্ৰাসবাদ বিৰোধী যুঁজক এক নতুন মাত্ৰা প্ৰদান কৰিছে। পাকিস্তানত জন্মগ্ৰহণ কৰা কানাডাৰ নাগৰিক ৰাণাই ২০০৮ চনৰ মুম্বাইত সংঘটিত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল।
য’ত ১৬৬ জন লোকৰ মৃত্যু হৈছিল। ২০০৯ চনত আমেৰিকাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল যদিও ২০১১ চনত মুম্বাই আক্ৰমণৰ অভিযোগৰ পৰা তেওঁক মুক্তি দিয়া হৈছিল। ১০ এপ্ৰিল, ২০২৫ তাৰিখে ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হয়।
ভাৰতত আহি উপস্থিত হোৱাৰ পাছতে ৰাণাক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ই তেওঁক নতুন দিল্লীত গ্ৰহণ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি প্ৰশংসিত হৈছে। উল্লেখ্য যে, ২০১১ ত, ৰাণাক আমেৰিকাত মুক্তি দিয়াৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছিল নৰেন্দ্ৰ মোদী।
তেওঁ আমেৰিকাৰ এই সিদ্ধান্তক ভাৰতৰ সাৰ্বভৌমত্ব প্ৰতি অপমান বুলি সমালোচনা কৰিছিল। তেওঁ সেই সময়ত কৰা টুইট—“US declaring Tahawwur Rana innocent in Mumbai attack has disgraced the sovereignty of India”—এতিয়া আকৌ ভাইৰেল হৈছে।
মোদীৰ নেতৃত্বত সন্ত্ৰাসৰ বিৰুদ্ধে অভিযান
২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছৰে পৰা মোদীৰ চৰকাৰে বিদেশত পলাই থকা একাধিক সন্ত্ৰাসবাদী আৰু অপৰাধীক ভাৰতলৈ প্ৰত্যৰ্পণ কৰিছে। তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি—“Even if they are at the ‘satvein patal’, I won’t spare them”—ক কাৰ্যকৰী ৰূপ দিবলৈ তেওঁৰ প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
জগতাৰ সিং তাৰা: ২০১৫ চনত জগতাৰ সিঙক থাইলেণ্ডৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হয়। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিয়ন্ত সিঙৰ হত্যাৰ অভিযোগত তেওঁ দোষী সাব্যস্ত।
বান্নাঞ্জে ৰাজাঃ ২০১৫ চনত মৰক্কোৰ পৰা তেওঁক প্ৰত্যৰ্পণ কৰা হৈছে। কৰ্ণাটকৰ এগৰাকী ব্যৱসায়ীৰ হত্যাৰ অভিযোগত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।
ছোটা ৰাজন: ২০১৫ চনত ইণ্ডোনেছিয়াৰ পৰা প্ৰত্যৰ্পণ কৰা হৈছে ৰাজনক। দাউদ ইব্ৰাহিমৰ সহযোগী হিচাপে তেওঁ হত্যা আৰু ধন দাবীৰ অভিযোগত জড়িত।
অনুপ চেতিয়া: ২০১৫ চনত বাংলাদেশৰ পৰা বাৰতলৈ প্ৰত্যৰ্পণ কৰা হৈছিল চেতিয়াক। তেওঁ নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল।
সঞ্জীৱ চাওলা: ২০২০ চনত লণ্ডনৰ পৰা তেওঁক স্বদেশলৈ প্ৰত্যৰ্পণ কৰা হৈছিল। ক্ৰিকেট মেচ ফিক্সিঙৰ অভিযোগত অভিযুক্ত আছিল।
তাহিৰ মাৰ্চেণ্টঃ ২০২২ চনত ইউ এ ইৰ পৰা তেওঁক ভাৰতলৈ অনা হৈছিল। ১৯৯৩ ৰ মুম্বাই বিস্ফোৰণৰ সৈতে জড়িত তাহিৰ। তেওঁ ডাউড ইব্ৰাহিমৰ সহযোগী।
বিজেপিৰ প্ৰতিক্ৰিয়া
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সন্ত্ৰাসৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিয়ে তহব্বুৰ ৰাণাৰ প্ৰত্যৰ্পণ সম্ভৱ কৰিছে। এয়া বিশ্বৰ আগত এক শক্তিশালী বাৰ্তা। কংগ্ৰেছৰ আমোলৰ তুলনাত মোদীৰ ভাৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অটল।”
তহব্বুৰ ৰাণাৰ প্ৰত্যৰ্পণে ভাৰতৰ কূটনৈতিক শক্তি আৰু মোদী চৰকাৰৰ সন্ত্ৰাসবাদৰ বিৰোধী কঠোৰ স্থিতিক প্ৰমাণ কৰিছে। এই ঘটনাই ২৬/১১ৰ ছহিদ আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি ন্যায় প্ৰদান কৰা বুলিও উল্লেখ কৰিছে বিজেপি নেতৃত্বই।