Advertisment

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ক্ষমতা হেৰুৱালে ED য়ে!

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক গোচৰত EDক উদ্দেশ্যি জাৰি কৰা নিৰ্দেশে দেশজুৰি চৰ্চা লাভ কৰিছে। বহুতৰ মতে উচ্চতম ন্যায়ালয়ৰ এই অন্তৱৰ্তীকালীন নিৰ্দেশে EDক নিয়ন্ত্ৰণ কৰিব।

author-image
Asomiya Pratidin
New Update
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ক্ষমতা হেৰুৱালে ED য়ে!

ডিজিটেল ডেস্কঃ প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ বিৰুদ্ধে যোৱা সময়ছোৱাত নানান অভিযোগ উত্থাপন হৈছে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক উদ্দেশ্যত ইডিক ব্যৱহাৰ কৰাৰ সমান্তৰালকৈ বিৰোধী ৰাজনৈতিক দল, নেতা আৰু একাংশ উদ্যোগপতিৰ বিৰুদ্ধে এই সংস্থাটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ নতুন নতুন ৰূপত উত্থাপন হৈয়ে আছে।

Advertisment

তাৰ মাজতে অতি শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক গোচৰত ইডিক উদ্দেশ্যি জাৰি কৰা এক নিৰ্দেশে দেশজুৰি চৰ্চা লাভ কৰিছে। বহুতৰ মতে উচ্চতম ন্যায়ালয়ৰ এই অন্তৱৰ্তীকালীন নিৰ্দেশে ইডিক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব।

উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক অন্তৱৰ্তীকালীন নিৰ্দেশনা অনুসৰি ইডিয়ে কোনো ব্যক্তিৰ লেপটেপ, মোবাইল বা কোনো তথ্য কপি কৰিব নোৱাৰিব। অনুমতি অবিহনে কোনো ব্যক্তিৰ তথ্যও ব্যৱহাৰ কৰিব নোৱাৰিব।

‘লটাৰী কিং’ হিচাপে পৰিচিত ছেণ্টিয়াগো মাৰ্টিনৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই অন্তৱৰ্তীকালীন নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ছেণ্টিয়াগো মাৰ্টিনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি জনাইছিল যে, তদন্তাকাৰী সংস্থা ইডিয়ে তেওঁৰ সংস্থাৰ একাধিক বৈদ্যুতিক সামগ্ৰী বাজেয়াপ্ত কৰিছে। লেপটপ, মোবাইলকে ধৰি একাধিক সামগ্ৰীৰ পৰা তথ্য কপি কৰিছে।

ইডিয়ে যিদৰে তেওঁৰ এই ইলেক্ট্ৰনিকছ ডিভাইছৰ পৰা তথ্য কপি কৰিছে সেয়া নাগৰিক হিচাপে তেওঁৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰত হস্তক্ষেপ। সেয়ে তেওঁ সাংবিধানিক আৰু মৌলিক অধিকাৰ ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

ছেণ্টিয়াগো মাৰ্টিনৰ সেই আবেদন গ্ৰহণ কৰি আন কেইবাটাও গোচৰক ইয়াৰ সৈতে একত্ৰিত কৰি উচ্চতম ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশনাত কয় যে, ইডিয়ে  আবেদনকাৰীৰ আৰু তেওঁৰ প্ৰতিষ্ঠানৰ কোনো কৰ্মচাৰীৰ পৰা জব্দ কৰা ইলেক্ট্ৰনিকছ গেজেটৰ তথ্য বা নথি কপি কৰিব নোৱাৰিব।

অনুমতি অবিহনে লেপটেপ, মোবাইলৰ পৰা কোনো তথ্য প্ৰকাশ আৰু ব্যৱহাৰ কৰিব নোৱাৰিব।
তাৰোপৰি প্ৰীভেনছন অফ মানি লণ্ডাৰিং এক্ট অনুসৰি ইডিয়ে যিসকল ব্যক্তিলৈ তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন ডিভাইছ আৰু তাত থকা তথ্য বিচাৰি চমন জাৰি কৰিছিল সেই সকলো চমনলৈ স্থগিতাদেশ জাৰি কৰিছে।  

এই নিৰ্দেশত আমাজন আৰু নিউজ ক্লিকৰ বিষয়টোও জড়িত হৈ আছে। এই নিৰ্দেশৰ আওঁতালৈ আহিছে নিউজ ক্লিক নামৰ প্ৰতিষ্ঠানটোৰ লগতে তাৰ কৰ্মচাৰীসকলৰ পৰা জব্দ ডিভাইছসমূহো। 

১৩ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ পংকজ মিঠালৰ দুজনীয়া বিচাৰপীঠে দুই পৃষ্ঠাৰ এক আদেশত কয় যে, ফিউচাৰ গেমিঙৰ গোচৰটো এই ধৰণৰ অন্যান্য গোচৰৰ সৈতে একেলগে শুনানিৰ বাবে তালিকাভুক্ত কৰা হ’ব। ইয়াত ফিউচাৰ গেমিঙৰ সৈতে মুঠ চাৰিটা গোচৰ অন্তৰ্ভুক্ত কৰে।

ফিউচাৰ গেমিঙৰ উপৰিও আন তিনিটা গোচৰ হৈছে ক্ৰমে ইডিয়ে ইলেক্ট্ৰনিক সঁজুলি দাখিলৰ বাবে জাৰি কৰা চমন, আমাজন ইণ্ডিয়াৰ কৰ্মচাৰীসকলৰ গোচৰ আৰু নিউজ ক্লিকৰ গোচৰ।

এই গোটেই বিষয়ত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে মুঠ ২৩৪ পৃষ্ঠাৰ আবেদন। আবেদনকাৰীৰ অধিবক্তা ৰোহিনী মুছাই সংবাদ মাধ্যমৰ আগত কয় যে, উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ অন্যান্য গোচৰৰ বাবেও এক গুৰুত্বপূৰ্ণ নজিৰ হৈ পৰিব। উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশৰ ক্ষেত্ৰত কোনো সময়সীমা নিৰ্ধাৰণ কৰা নাই।

উল্লেখ্য যে, লটাৰী কিং ছাণ্টিয়াগো মাৰ্টিনৰ বিৰুদ্ধে ইডিৰ এই গোচৰ চুবুৰীয়া মেঘালয়ৰ সৈতে সম্পৰ্কিত। মেঘালয় আৰক্ষীয়ে এক অভিযোগ দাখিল কৰিছিল যে, ছাণ্টায়াগো মাৰ্টিনৰ কোম্পানী ফিউচাৰ গেমিং এণ্ড হোটেল ছাৰ্ভিছেচ প্ৰাইভেট লিমিটেডে অবৈধভাৱে মেঘালয়ত লটাৰী ব্যৱসায় নিয়ন্ত্ৰণ কৰিছে। 

এই গোচৰৰ অনুসন্ধানত প্ৰায় ১২.৪১ কোটি নগদ ধন উদ্ধাৰ কৰা হৈছিল। তাৰোপৰি নৱেম্বৰ মাহত এই গোচৰটোৰ আধাৰতে মেঘালয়ৰ মুঠ ২২ টা স্থানত সনুসন্ধান চলোৱা হৈছিল।


কোন এই ছাণ্টিয়াগো মাৰ্টিন?

লটাৰী কিং হিচাপে পৰিচিত ছাণ্টিয়াগো মাৰ্টিন বহু বিতৰ্তিক ফিউচাৰ গেমিং কোম্পানীৰ মালিক। লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী বণ্ডক লৈ যি বিতৰ্ক হৈছিল সেই বিতৰ্কতো উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ কৰিছিল।

ন্যায়ালয়ৰ হস্তক্ষেপত নিৰ্বাচনী বণ্ডৰ সবিশেষ তথ্য পোহৰলৈ আহিছিল। ন্যায়ালয়ৰ নিৰ্দেশত নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা তথ্য অনুসৰি ছাণ্টিয়াগো মাৰ্টিনৰ ফিউচাৰ গেমিঙে নিৰ্বাচন বণ্ডৰ জৰিয়তে আটাইতকৈ বেছি ধন ৰাজনৈতিক দললৈ আগবঢ়াইছিল।

২০১৪ চনৰ পৰা ২০১৯ চনলৈ এই কোম্পানীটোৱে মুঠ ১৩৬৮ কোটি টকা নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। কোম্পানীটোৱে বিজেপিক ১০০ কোটি টকা নিৰ্বাচনী বণ্ডৰ জৰিয়তে আদায় দিছিল। তৃণমূল কংগ্ৰেছক দিছিল ৫৪২ কোটি, ডি এম কেক দিছিল ৫০৩ কোটি টকা। 

ইডি উচ্চতম ন্যায়ালয় প্ৰৱৰ্তন সঞ্চালকালয়