/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/27ffb18e-9a3a-4efb-9f84-8256b8946ff9/AP_FOR_WEB_sc.jpg)
এতিয়াৰে পৰা ব্যৱহাৰ নহ'ব 'যৌন কৰ্মী' শব্দ!
ডিজিটেল ডেস্কঃ যৌন কৰ্মী শব্দ সলনি কৰিব উচ্চতম ন্যায়ালয়ে। দেশৰ শীৰ্ষ ন্যায়ালয়ে আইনী ভাষ্যৰ পৰা লিংগ বৈষম্য আঁতৰ কৰিবলৈ কেইদিনমানৰ পূৰ্বে এখন পুস্তিকা মুকলি কৰিছিল। এইবাৰ সেই পুস্তিকাখন সংশোধন কৰি তাৰ পৰা যৌন কৰ্মী শব্দটো আঁতৰাব উচ্চতম ন্যায়ালয়ে।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে মহিলাৰ সৰবৰাহ ৰোধৰ বাবে কাম কৰি থকা কেইবাটাও বেচৰকাৰী সংগঠনৰ দ্বাৰা লিখা এখন পত্ৰৰ উত্তৰত এই পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে। ন্যায়ালয়ে আইনী ভাষাত যৌন কৰ্মীৰ পৰিৱৰ্তে সৰবৰাহকাৰীভুক্ত (ট্ৰেফিক ছাৰভাইভাৰ), বাণিজ্যিক যৌন কৰ্মত নিয়োজিত মহিলা (ওমেন এনগেজড ইন কমাৰ্ছিয়েল ছেক্সওৱেল এক্টিভিটি), বলপূৰ্বক বাণিজ্যিক যৌন শোষণত আৱদ্ধ মহিলা ( ওমেন ফোৰ্চড ইনটু কমাৰ্চিয়েল ছেক্সওৱেল এক্সপ্লয়টেছন) লিখাৰ কথা উল্লেখ কৰিছে।
ইয়াৰ পূৰ্বে আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে লিংগ বৈষম্য প্ৰতিৰোধ কৰিবলৈ আইনী পৰিকাঠামোত কেইবাটাও পৰিৱৰ্তন ঘোষণা কৰিছিল। ২৮ আগষ্টত কেইবাটাও বেচৰকাৰী সংগঠনে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়লৈ পত্ৰ প্ৰেৰণ কৰি কৈছিল আইনী ভাষাত যৌন কৰ্মী শব্দটোৰ ব্যৱহাৰো বন্ধ কৰিব লাগে।
গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অসম, দিল্লী আৰু মণিপুৰৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠন মানৱ সৰবৰাহ বিৰোধী ঐক্যবদ্ধ এখন মঞ্চ তৈয়াৰ কৰিছে। এই ঐক্যবদ্ধ মঞ্চই কৈছিল যৌন কৰ্মী বুলি ক'লে এনে লাগে যেন সকলোৱে স্বইচ্ছাই এই বৃত্তিৰ সৈতে জড়িত হৈছে। কিন্তু বাস্তুৱ ইয়াৰ বিপৰীত।
বেছিভাগ যুৱতীয়েই এই বৃত্তিলৈ অহাৰ কাৰণ হৈছে প্ৰতাৰণা। তেওঁলোকক যৌন কৰ্মত লিপ্ত হ'বলৈ বাধ্য কৰা হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ উপ-পঞ্জীয়ক অনুৰাগ ভাস্কৰে শুকুৰবাৰে উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা এন জি অ' কেইটালৈ পত্ৰ লিখি কয় যে, তেওঁলোকৰ পত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ পুস্তিকাত 'যৌন কৰ্মী' শব্দটো সলনি কৰা হ'ব।
অনুৰাগে এইটোও কয় যে, মুখ্য ন্যায়াধীশগৰাকীয়ে যৌন কৰ্মী শব্দটো বাদ দিবলৈ কৰা তেওঁলোকৰ আৱেদনক অভিনন্দন জনাইছে।
Also Read: চুবুৰীয় ম্যানমাৰত গৃহযুদ্ধঃ বাৰ্মিজ সেনাই আশ্ৰয় লৈছে ভাৰতত, চিন্তা বাঢ়িছে নতুন দিল্লীৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us