ৰাষ্ট্ৰীয়
স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ, হঠাৎ অসুস্থ হৈ মৃত্যু যাত্ৰীৰ…
- স্পাইচজেটৰ এখন বিমান দেওবাৰে জৰুৰীকালীনভাৱে অৱতৰণ কৰে ভূৱনেশ্বৰত।
- চেন্নাইৰ পৰা কলকাতা অভিমুখে উৰা মাৰিছিল স্পাইচজেটৰ ৬২৩ বিমানখন।
- এজন যাত্ৰী হঠাৎ অসুস্থ হৈ পৰে বিমান উৰাৰ পাছত।
- উশাহ লোৱাত অসুবিধা পাইছিল ৪৮বছৰীয়া যাত্ৰীগৰাকীয়ে।
- তাৰপাছতেই তৎকালীনভাৱে অৱতৰণ কৰা হৈছিল বিমানখন।
- অসুস্থ যাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।