উত্তৰ-পূবৰ জোৱাই হ’ল কণ্ঠশিল্পী চনম পুৰী

উত্তৰ-পূবৰ জোৱাই হ’ল কণ্ঠশিল্পী চনম পুৰী

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ জোৱাই হ’ল জনপ্ৰিয় কণ্ঠশিল্পী চনম পুৰী ৷ নাগালেণ্ডৰ নিবাসী জুচোবেনী টুংগোইৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জনপ্ৰিয় কণ্ঠশিল্পী তথা ইউটিউবাৰ চনম পুৰী ৷ চনম পুৰী আৰু জুচোবেনী টুংগোই দুয়ো সংগীত জগতৰ লগত জড়িত ৷

নগা আৰু পাঞ্জাবী ৰীতি-নীতিৰে চনম আৰু জুচোবেনীৰ বিবাহপাশত আৱদ্ধ হয়৷ পঞ্জাৱৰ নিবাসী সনম পুৰীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেম সম্পৰ্কত আছিল জুচোবেনী টুংগোই ৷ বলীউডৰ বহুতো ন-পুৰণি গীতৰ পুনৰ সংস্কৰণ কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে চনম পুৰী৷ চনম পুৰীৰ বয়স ৩১ বছৰ ৷ আনহাতে, জুচোবেনি টুংগোইৰ বয়স ২৫ বছৰ ৷

দুয়োৰে বিবাহ অনুষ্ঠানত তেওঁলোকৰ পৰিয়াল আৰু ঘনিষ্ঠ লোক সকলোৱে উপস্থিত থাকে ৷ চনমে নাগালেণ্ডৰ খ্ৰীষ্টান ধৰ্মৰ সকলো ৰীতি-নীতিৰ সৈতে জুচোবেনী টুংগোইৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দেখা যায় ৷ জুচোবেনী টুংগোই নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ বাসিন্দা ৷

উত্তৰ-পূবৰ জোৱাই হ’ল কণ্ঠশিল্পী চনম পুৰী
ঘন কুঁৱলী! গুৱাহাটীৰ সলনি ইণ্ডিগ'ৰ বিমান পালেগৈ বাংলাদেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in