শিৱসেনাই পালে মাত্ৰ এজন ৰাজ্যমন্ত্ৰীঃ দলৰ মাজত মুকলি অসন্তুষ্টি...

শিৱসেনাৰ নেতা শ্ৰীকান্ত সিন্দেৰ তাৎক্ষণিক হস্তক্ষেপ
শিৱসেনাই পালে মাত্ৰ এজন ৰাজ্যমন্ত্ৰীঃ দলৰ মাজত মুকলি অসন্তুষ্টি...
শিৱসেনাই পালে মাত্ৰ এজন ৰাজ্যমন্ত্ৰীঃ দলৰ মাজত মুকলি অসন্তুষ্টি...

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন হোৱা এন ডি এৰ তৃতীয়খন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হোৱাৰ পিছতে আজি মন্ত্ৰীসকলৰ মাজত বিভাগসমূহ বিতৰণ কৰা হ’ব। দিল্লীত অনুষ্ঠিত হৈ থকা কেবিনেট বৈঠকৰ পাছতে আনুষ্ঠানিকভাৱে এই বিভাগ বিতৰণৰ খবৰ প্ৰকাশ পাব।

তাৰ পূৰ্বে এতিয়া এন ডি এৰ অন্যতম সদস্য শিৱসেনাৰ ফালৰ পৰা দলটোক প্ৰদান কৰা মন্ত্ৰীত্বক লৈ মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। দলটোৰ সাংসদ শ্ৰীৰাং বাৰ্ণেয়ে দলটোক মাত্ৰ এজন ৰাজ্যমন্ত্ৰী প্ৰদান কৰা বিষয়ত এ এন আইৰ আগত তেওঁৰ অসন্তুষ্টি ব্যক্ত কৰি কয়, বি জে পি আৰু এন ডি এৰ শিৱসেনা অতি পুৰণি মিত্ৰ। শিৱসেনাই এইবাৰ এজন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী লাভ কৰিছে। কিন্তু মই ভাবোঁ আমাৰ দলে এজন কেবিনেট মন্ত্ৰী লাভ কৰিব লাগে। অৱশ্যে তেওঁ এয়া ব্যক্তিগত মতামত বুলিহে উল্লেখ কৰিছে।

শ্ৰীৰাং বাৰ্ণেৰ এই মন্তব্যৰ পাছতে মন্ত্ৰীত্ব ভাগ কৰাৰ ক্ষেত্ৰত শিৱসেনাৰ ভিতৰচৰাত চলি থকা অসন্তুষ্টি পোহৰলৈ আহিছে। এই বিষয়ে অধিক চৰ্চা হোৱাৰ পূৰ্বেই অৱশ্যে দলটোৰ নেতা শ্ৰীকান্ত সিন্দেয়ে বিষয়টোত হস্তক্ষেপ কৰি স্পষ্টিকৰণ প্ৰকাশ কৰিছে।

তেওঁ কয়, আমি আগতীয়াকৈ সিদ্ধান্ত লৈছোঁ চৰ্ত অবিহনে এন ডি এ চৰকাৰক সমৰ্থন কৰিম। এই দেশৰ জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক বিচাৰিছে আৰু তেওঁৰ প্ৰয়োজন আছে। ক্ষমতাৰ বাবে কোনো দৰদাম বা মীমাংসাৰ প্ৰয়োজন নাই। আমি এটা আদৰ্শগত মিত্ৰজোঁটক চৰ্তহীন সমৰ্থন আগবঢ়াইছো। আমি বিচাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ মহৎ কাম-কাজ আগুৱাই নিয়ক। আমাৰ দলৰ প্ৰতিজন সাংসদ, বিধায়ক এন ডি এৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।

সিন্দেয়ে তাৎক্ষণিকভাৱে বিষয়টোত হস্তক্ষেপ কৰি এই মন্তব্য কৰিছে যদিও দলটোৱে যে মাত্ৰ এজন ৰাজ্যমন্ত্ৰী লাভ কৰা বিষয়টোত সন্তুষ্ট নহয় সেয়া স্পষ্ট হৈছে। কিয়নো মোডী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী লাভ কৰা আন কেইবাটাও দলৰ সাংসদৰ সংখ্যা শিৱসেনাতকৈ কম। সাংসদৰ হিচাপত এইবাৰৰ এন ডি এ চৰকাৰত তেলগু দেশম পাৰ্টি আৰু জনতা দল ইউনাইটেডৰ পাছতে শিৱসেনাৰ স্থান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in