Advertisment

বৃদ্ধ পিতৃ-মাতৃৰ কাষত উচ্চতম ন্যায়ালয়ঃ এনে কাম কৰিলেই হেৰুৱাব সম্পত্তি

বৃদ্ধ পিতৃ, মাতৃয়ে নিজৰ সম্পত্তি সন্তানৰ নামলৈ হস্তান্তৰ কৰাৰ পাছত যদি কোনো সন্তানে পিতৃ, মাতৃক চোৱাচিতা নকৰে তেন্তে পিতৃ, মাতৃয়ে হস্তান্তৰ কৰা সম্পত্তি তেওঁলোকৰ পৰা পুনৰ কাঢ়ি লোৱা হ’ব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বৃদ্ধ পিতৃ-মাতৃৰ কাষত উচ্চতম ন্যায়ালয়ঃ এনে কাম কৰিলেই হেৰুৱাব সম্পত্তি

ডিজিটেল ডেস্কঃ বৃদ্ধ পিতৃ, মাতৃয়ে নিজৰ সম্পত্তি সন্তানৰ নামলৈ হস্তান্তৰ কৰাৰ পাছত যদি কোনো সন্তানে পিতৃ, মাতৃক চোৱাচিতা নকৰে তেন্তে পিতৃ, মাতৃয়ে হস্তান্তৰ কৰা সম্পত্তি তেওঁলোকৰ পৰা পুনৰ কাঢ়ি লোৱা হব। শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে এনে এক নিৰ্দেশনা জাৰি কৰিছে।

Advertisment

সম্পত্তি হাতলৈ অহাৰ পাছতেই বহু সন্তানে পিতৃ-মাতৃক পাহৰি যায়। আনকি সম্পত্তি হাতলৈ অহাৰ পাছতে বৃদ্ধ পিতৃ, মাতৃক সন্তানে ঘৰৰ পৰা উলিয়াই দিয়াৰো খবৰ আহে মাজে মধ্যে। বৃদ্ধ অৱস্থাত শেষ সম্বল হিচাপে নিজৰ নামত থকা সম্পত্তি সন্তানৰ নামলৈ হস্তান্তৰ কৰাৰ পাছত বহু পিতৃ, মাতৃ বিপদত পৰাৰ নজিৰ হাজাৰৰো অধিক।

এনে এক অৱস্থাতে অসহায় এনে পিতৃ, মাতৃৰ কাষত থিয় দিলে উচ্চতম ন্যায়ালয়ে। এনে ঘটনা ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায় এক ঐতিহাসিক ৰায় হিচাপেই বিবেচিত হৈছে। কিয়নো এই ৰায়ে বহু অসহায় বৃদ্ধ পিতৃ, মাতৃক যে সুৰক্ষা দিব সেয়া নিশ্চিত।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চি টি ৰবীকুমাৰ আৰু ন্যায়াধীশ সঞ্জয় কেৰলে যুটীয়া বেঞ্চে শেহতীয়াকৈ এক গোচৰত নিৰ্দেশ দি কয় যে, সন্তানলৈ পিতৃ, মাতৃয়ে দান সূত্ৰে সম্পত্তি লিখি দিয়াৰ পাছত যদি চৰ্ত অনুসৰি সেই সন্তানে মাক-দেউতাকক চোৱাচিতা নকৰে তেনেহলে মহকুমা প্ৰশাসন অথবা সংশ্লিষ্ট ট্ৰিবিউনেলে সেই দান পত্ৰ বাতিল কৰাৰ নিৰ্দেশ দিব পাৰে।

জানিব পৰা মতে মধ্যপ্ৰদেশৰ নিবাসী উৰ্মিলা দীক্ষিত নামৰ এগৰাকী মহিলাই এই সম্পৰ্কীয় এক গোচৰ দাখিল কৰিছিল। এই গোচৰৰ ৰায়ত উচ্চতম ন্যায়ালয়ে এনে ৰায় দিছে। গোচৰটোৰ ৰায়ৰ ব্যাখ্যা দি উচ্চতম ন্যায়ালয়ে কয় যে, প্ৰবীণ নাগৰিকৰ ওপৰত যদি কোনোধৰণৰ বঞ্চনা হয় তেনেহলে অধিকাৰ ঘূৰাই দিবলৈ আইনসভাই উপ-বিভাগীয় দণ্ডাধীশক ক্ষমতা প্ৰদান কৰিছে। যদি সেই ক্ষমতা ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহয়, তেন্তে জ্যেষ্ঠ নাগৰিক আইন যি ধাৰণাৰ পৰা সৃষ্টি কৰা হৈছিল সেই ধাৰণাত ব্যাঘাত জন্মিব।

জ্যেষ্ঠ নাগৰিক আইনৰ ধাৰা ২৩ ৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে কয় যে, জ্যেষ্ঠ নাগৰিকসকলক বিশেষ সুবিধা প্ৰদান কৰাৰ বাবে ২০০৭ চনত এই আইনখন প্ৰণয়ন কৰা হৈছিল। যদি আইনখনৰ ধাৰা ২৩ প্ৰয়োগ কৰিবলৈ অনুমতি দিয়া নহয়, তেন্তে বঞ্চনা থাকিলেও জ্যেষ্ঠ নাগৰিকৰ অধিকাৰ সুৰক্ষিত নহ'ব।

কলিকতা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পাৰ্থসাৰথি সেনগুপ্তাই এই সন্দৰ্ভত সংবাদ মাধ্যমত আগত কয় যে, "উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে, যদি সম্পত্তি অনুদান দিয়াৰ সময়ত ৰক্ষণাবেক্ষণৰ চৰ্ত থাকে আৰু সেই চৰ্ত যদি পালন কৰা নহয়, তেন্তে তেওঁ আইনৰ দৃষ্টিত দোষী হ'ব।"

 

উচ্চতম ন্যায়ালয়