ৰামজন্মভূমি আৰু বাবৰি মছজিদৰ শুনানি সোনকালে কৰাৰ কোনো প্ৰয়োজন নাইঃ উচ্চতম ন্যায়ালয়

ৰামজন্মভূমি আৰু বাবৰি মছজিদৰ শুনানি সোনকালে কৰাৰ কোনো প্ৰয়োজন নাইঃ উচ্চতম ন্যায়ালয়

author-image
asomiyapratidin
New Update
এন আৰ চিঃ আজি উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি

ডিজিটেল ডেস্কঃ ৰামজন্মভূমি আৰু বাবৰি মছজিদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শীঘ্ৰে শুনানি গ্ৰহণৰ বাবে কৰা আবেদন খাৰিজ কৰিছে। অখিল ভাৰতীয় হিন্দু মহাসভাই এই সন্দৰ্ভত শীঘ্ৰে শুনানিৰ বাবে আবেদন দাখিল কৰিছিল। সোমবাৰে উচ্চতম ন্যায়ালয়ে এই আবেদনখন খাৰিজ কৰি শীঘ্ৰে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

আবেদনখনৰ শুনানি কালত উচ্চতম ন্যায়ালয়ে কয় যে ৰামজন্মভূমি আৰু বাবৰি মছজিদ কাণ্ডৰ শুনানি সোনকালে কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পূৰ্বে অযোধ্যা ৰাম মন্দিৰ সনদৰ্ভতো উচ্চতম ন্যায়ালয়ে জানুৱাৰী মাহত শুনানি গ্ৰহণ কৰাৰ বিষয়ে ঘোষণা কৰিছিল। উচ্চতম ন্যয়ালয়ে কৈছিল যে এই সন্দৰ্ভত নিয়মিত শুনানিও জানুৱাৰী মাহতে গ্ৰহণ কৰা হ'ব।

ইফালে, ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষ চৈয়দ গৈয়ুৰুল ৰিজৱীয়ে ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল যে বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণ হোৱা উচিত, যাতে দেশৰ মুছলমান সকলে শান্তি, সুৰক্ষা আৰু সন্মানেৰে বাস কৰিব পাৰে। লগতে তেওঁ এই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ক আবেদন জনাই শান্তি আৰু ভাতৃত্ববোধ অটুট ৰখিব লাগে বুলিও মন্তব্য কৰিছিল।