/asomiyapratidin/media/media_files/2025/05/08/INVkfW91Cg9gbabn0I94.jpg)
ডিজিটেল ডেস্কঃ অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ ভূমিত থকা ৯ টাকৈ স্থানৰ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ পাছতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন কৰিছে। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানে কিদৰে সন্ত্ৰাসবাদক লালন-পালন কৰি আছে সেয়া অপাৰেচন সিন্দুৰত নিহত সন্ত্ৰাসবাদীৰ জানাজাৰ সময়তে স্পষ্ট হৈছে।
সন্ত্ৰাসবাদীকো ৰাষ্ট্ৰীয় মৰ্যাদাৰে জানাজা দিয়াৰ সময়ত পাকিস্তানৰ সেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলে যিদৰে ভিৰ কৰিলে সেই দৃশ্যই পুনৰ এবাৰ প্ৰমাণ কৰিলে পাকিস্তানে কিদৰে সন্ত্ৰাসবাদক সাৰ-পানী যোগান ধৰি আহিছে। অপাৰেচন সিন্দুৰ আছিল পেহেলগামৰ প্ৰত্যুত্তৰ।
এই অপাৰেচন সিন্দুৰ কিমান ভয়ংকৰ আছিল? কিমান ক্ষতি হৈছিল পাকিস্তানৰ? সেই প্ৰশ্ন হয়তো বহুতৰে মনত এতিয়াও আছে। সেই প্ৰশ্নৰ উত্তৰ দিছে কেইখনমান উপগ্ৰহৰ চিত্ৰই। উপগ্ৰহৰ এই ছবিয়ে স্পষ্ট কৰিছে কিমান ভয়ংকৰ আছিল অপাৰেচন সিন্দুৰ।
উপগ্ৰহৰ পৰা লাভ কৰা এই ছবিসমূহ প্ৰকাশ কৰিছে মেক্সাৰ টেকন’লজিছ নামৰ এটা কোম্পানীয়ে। এই ছবিকেইখনে বাহাৱালপুৰ আৰু পাকিস্তানৰ মুৰিদকেত সংঘটিত আক্ৰমণৰ পিছৰ পৰিস্থিতিক ধৰি ৰাখে।
বাহাৱালপুৰৰ উপকণ্ঠত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰায় ১৫ একৰ মাটিত বিস্তৃত হৈ আছে জয়ছ-ই-মহম্মদৰ (JeM) মূল প্ৰশিক্ষণ আৰু অপপ্ৰচাৰ কেন্দ্ৰ। তাত আছিল মাৰ্কাজ চুবহান আল্লাহ কমপ্লেক্স। আৰু আছিল শ্বুবান আল্লাহ মছজিদ।
ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণৰ পিছত সেই অট্টালিকাবোৰ ধ্বংসাৱশেষলৈ পৰিণত হৈছে। আক্ৰমণৰ পূৰ্বে আৰু পিছত উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে কমপ্লেক্সৰ তিনিটা গম্বুজ ভাঙি গৈছে। সমগ্ৰ অট্টালিকাটোৰ ঠায়ে ঠায়ে বিস্ফোৰণৰ চিন স্পষ্ট হৈ পৰিছে। বেৰ আৰু মজিয়াত একাধিক ফুটা। ক’ৰবাত ছাদৰ এটা অংশ ভাঙি গৈছে।
মঙলবাৰে নিশা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা স্থানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি নিখুঁত আক্ৰমণ সংঘটিত কৰিছিল ভাৰতীয় সেনাই।। এই ৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু ৫টা পাকিস্তানৰ দখল থকা কাশ্মীৰত আছিল।
বাহাৱালপুৰ, মুৰিদকে, আৰু ছিয়ালকোট এই তিনিটা অঞ্চলৰ উগ্ৰপন্থী ঘাটি ধ্বংস কৰাটোৱেই আছিল সেনাৰ মূল লক্ষ্য। ভাৰতে স্পষ্টকৈ দাবী কৰিছে সেই সকলো ঠাইৰ পৰা ভাৰতৰ ভিতৰত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা চলিছিল। সেয়ে জইছ-ই-মহম্মদৰ উপৰিও মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ ঘাটিতো মিছাইল আক্ৰমণ কৰি ধ্বংস কৰিলে ভাৰতীয় সেনাই।
#WATCH | Satellite pics from Maxar Technologies show damage caused by Indian missile strikes on Jamia Mosque in Bahawalpur and the city of Muridke, Pakistan, before and after the strike.
— ANI (@ANI) May 8, 2025
(Source: Reuters) pic.twitter.com/6idaYwwjOW