ৰাফেল চুক্তিৰ বিৰোধিতা কৰা সাংসদ সঞ্জয় সিঙলৈ আদালতৰ জাননী প্ৰেৰণ

ৰাফেল চুক্তিৰ বিৰোধিতা কৰা সাংসদ সঞ্জয় সিঙলৈ আদালতৰ জাননী প্ৰেৰণ

author-image
asomiyapratidin
New Update
ৰাফেল চুক্তিৰ বিৰোধিতা কৰা সাংসদ সঞ্জয় সিঙলৈ আদালতৰ জাননী প্ৰেৰণ

ডিজিটেল ডেস্কঃ ৰাফেল চুক্তিক লৈ উত্থাপন হোৱা অভিযোগৰ পিছতে ৰিলায়েঞ্চ লিমিটেডৰ অধীনত দিৱানী মানহানিৰ গোচৰৰ ভিত্তিত আহমেদাবাদৰ এখন আদালতে ৰাজ্যসভা সাংসদ তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙলৈ জাননী প্ৰেৰণ কৰিছে৷

Advertisment

ইয়াৰ পিছতে ৰাফেল চুক্তিক লৈ পুনৰ সৰৱ হৈ উঠিছে সঞ্জয় সিং৷ বুধবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে তেওঁ ৰাফেল চুক্তিক লৈ সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সদায় মাত মাতি যাব আৰু আদালতৰ সন্মুখত নিজৰ অভিবেদন দাখিল কৰিব৷

তেওঁ কয়, 'ভাৰত মাতৃৰ নাম লৈ দেশৰ সৈতে ষড়যন্ত্ৰ কৰা লোকসকলৰ বাবে মোৰ মনত কোনো সন্মান ভাৱ জাগি নুঠে৷ মই এই দুৰ্নীতিৰ বিৰুদ্ধে সদায় প্ৰতিবাদ কৰি যাম৷'

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয় যে, ৰাফেল চুক্তিক লৈ তেওঁৰ বিচাৰধাৰৰ বাবে ফ্ৰেব্ৰুৱাৰী মাহত তেওঁ অনিল আম্বানী আৰু ৰিলায়েঞ্চ ডিফেন্স লিমিটেডসহ আম্বানী কোম্পানীৰ তৰফৰ পৰা এখন জাননি লাভ কৰিছিল৷ য'ত ৫ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰা হৈছিল৷

সঞ্জয় সিঙে কয়, 'মই সেই জাননীৰ উত্তৰ দিছিলো আৰু এতিয়া তেওঁলোকে আদালতৰ দাৰস্থ হোৱাৰ মন মেলিছে৷ মই আদালতৰ নিৰ্দেশ অনুসৰি ২০ অক্টোবৰত মোৰ উত্তৰ প্ৰদান কৰিম৷'

উল্লেখ্য যে, ৰাফেল চুক্তিক লৈ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে মোডী চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আহিছে৷ ৰাফেল চুক্তিক দেশ বিৰোধী আখ্যা দি তেওঁ ইয়াৰ বিৰুদ্ধে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছে৷