Advertisment

গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা হ্ৰাসঃ এছ বি আইৰ প্ৰতিবেদনত প্ৰকাশ তথ্য

২০২৪ অৰ্থনৈতিক বৰ্ষত গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা দ্ৰুতভাৱে হ্ৰাস হৈছে। ২০২৩ বিত্তীয় বৰ্ষত ভাৰতৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰতা আছিল ৭.২ শতাংশ।শেহতীয়াকৈ এই তথ্য এছ বি আইৰ এক গৱেষণা পত্ৰত প্ৰকাশ পাইছে। 

author-image
Asomiya Pratidin
New Update
গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা হ্ৰাসঃ এছ বি আইৰ প্ৰতিবেদনত প্ৰকাশ তথ্য

ডিজিটেল ডেস্কঃ ২০২৪ অৰ্থনৈতিক বৰ্ষত গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা দ্ৰুতভাৱে হ্ৰাস হৈছে। ২০২৩ বিত্তীয় বৰ্ষত ভাৰতৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰতা আছিল ৭.২ শতাংশ।

Advertisment

২০২৪ ত এই সংখ্যা ৪.৮৬ শতাংশলৈ হ্ৰাস পাইছে। প্ৰথমবাৰৰ বাবে এই সংখ্য ৫ শতাংশৰ তললৈ আহিছে। শেহতীয়াকৈ এই তথ্য এছ বি আইৰ এক গৱেষণা পত্ৰত প্ৰকাশ পাইছে। 

আনহাতে গৱেষণা পত্ৰখনত উল্লেখ কৰা অনুসৰি নগৰাঞ্চলত দৰিদ্ৰতাৰ হাৰ ৪.৬ শতাংশৰ পৰা ৪.০৯ শতাংশলৈ হ্ৰাস পাইছে। প্ৰতিবেদনখনত আৰু কোৱা হৈছে, গ্ৰামাঞ্চলৰ দৰিদ্ৰতা হ্ৰাস পোৱাৰ প্ৰধান কাৰণ হৈছে দৰিদ্ৰতাৰ ৰেখাৰ পৰিবৰ্তন।

প্ৰতিবেদন অনুসৰি, গ্ৰামাঞ্চলৰ দৰিদ্ৰতা হ্ৰাস হোৱাৰ মুখ্য কাৰণ হৈছে দৰিদ্ৰতা ৰেখাৰ পৰিৱৰ্তন। দৰিদ্ৰতাৰ ৰেখা ২০২৩ চনত ৫-১০ শতাংশৰ পৰা ২০২৪ চনত ০-৫ শতাংশলৈ স্থানান্তৰিত কৰা হৈছে। ইয়াৰ উপৰিও দৰিদ্ৰতা হ্ৰাস হোৱাৰ আন এক কাৰক হৈছে  উন্নত গ্ৰাম্য আন্তঃগাঁথনি আৰু ভৌতিক সংযোগ যিয়ে গ্ৰাম্য আৰু নগৰ অঞ্চলৰ মাজত উপাৰ্জনৰ বৈষম্য হ্ৰাস কৰিছে।

প্ৰতিবেদনখনত উল্লেখ কৰা মতে ২০২৪ বৰ্ষত গ্ৰাম্য অঞ্চলত দৰিদ্ৰতাৰ সীমা ১,৬৩২ টকা আৰু নগৰ অঞ্চলত ১,৯৪৪ টকা নিৰ্ধাৰণ কৰা হৈছে। এই ৰেখা ২০১১-১২ বৰ্ষত প্ৰস্তাৱিত দৰিদ্ৰতাৰ স্তৰতকৈ যথেষ্ট বেছি।

প্ৰতিবেদনত গ্ৰামাঞ্চলত মাহিলী ব্যয়ৰ প্ৰায় ৩০ শতাংশ স্থানীয় কাৰক যেনে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ (ডি বি টি), গ্ৰাম্য আন্তঃগাঁথনিৰ বিকাশ, কৃষকৰ উপাৰ্জন বৃদ্ধি, আৰু গ্ৰাম্য জীৱিকাৰ উন্নতি বুলি ব্যাখ্যা কৰা হৈছে।

অৱশ্যে টাটা ইনষ্টিটিউট অফ ছচিয়েল ছাইন্সৰ অধ্যাপক আৰ. ৰামকুমাৰে অভিযোগ কৰি কয় যে, এছ বি আইৰ প্ৰতিবেদনখনত দৰিদ্ৰতা ৰেখা অশুদ্ধ ৰূপত ব্যৱহাৰ কৰা হৈছে। এয়া কেৱল তেণ্ডুলকাৰৰ দৰিদ্ৰতা ৰেখাৰ মুদ্ৰাস্ফীতিৰ সৈতে সংগতি ৰাখি আপডেট কৰা হৈছে, যাৰ ফলত দৰিদ্ৰতাৰ স্তৰৰ পৰিসংখ্যাৰ ওপৰত ভুল প্ৰভাৱ পেলাইছে।

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে, ভাৰতৰ দৰিদ্ৰতাৰ হাৰ এতিয়া ৪-৪.৫ শতাংশৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। ২০২১ চনৰ পৰা লোকপিয়লৰ পিছৰ তথ্যৰ ওপৰত আধাৰিত কৰি এই পৰিসংখ্যা বোৰত কিছু সামান্য সংশোধন হ'ব পাৰে।

 

এছ বি আই