/asomiyapratidin/media/media_files/2025/04/09/O0SeKQufjTuIHvA2lAMK.jpg)
ডিজিটেল ডেস্কঃ বজাৰ গৱেষণা সংস্থা ফাৰ্মাৰেকে জনোৱা মতে, ২০২৪-২৫ বিত্তীয় বৰ্ষত দেশৰ ঔষধৰ বজাৰ ৮.৪ শতাংশ বৃদ্ধি পাইছে। বজাৰত হৃদযন্ত্ৰৰ অংশত ১০.৮ শতাংশ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে গেষ্ট্ৰাইটিছ আৰু এন্টি ডায়েবেটিক অংশত ক্ৰমে ১০.২ শতাংশ আৰু ৮ শতাংশ বৃদ্ধি পাইছে।
এই তিনিটা খণ্ডই ফাৰ্মা বজাৰৰ বিক্ৰীৰ প্ৰায় ৩৪ শতাংশ সামৰি লৈছে। যাৰ ফলত মুঠ লেনদেন ২.২৫ ট্ৰিলিয়নতকৈ অধিক হৈছে। ২০২৫ বিত্তীয় বৰ্ষত ক্ৰনিক ছেগমেণ্টে ভাল প্ৰদৰ্শন কৰিলেও জি এছ কেৰ এন্টিবায়টিক ঔষধ অগমেণ্টিন বিত্তীয় বৰ্ষৰ বাবে শীৰ্ষ বিক্ৰী হোৱা ঔষধ তালিকাত আছে আৰু ইয়াৰ বিক্ৰী হৈছে ৮১৬ কোটি টকাৰ। ইয়াৰ পিছতে ইউ এছ ভিৰ ডায়েবেটিছ প্ৰতিৰোধী ঔষধ গ্লাইকমেট জিপিৰ বিক্ৰী ৮০৩ কোটি টকা।
বজাৰত এনে বৃদ্ধি মূলতঃ মূল্যৰ ওপৰত নিৰ্ভৰশীল হ’লেও ২০২৫ চনৰ মাৰ্চ মাহৰ দুটা বিশেষ ঘটনাই বজাৰক প্ৰভাৱিত কৰিছে। সেয়া হ’ল ডায়েবেটিছ ঔষধ এম্পাগ্লিফ্ল’জিন পেটেণ্টৰ বাহিৰলৈ অহাৰ লগতে ভাৰতত মেদবহুলতা প্ৰতিৰোধী ঔষধ মৌঞ্জাৰো মুকলি কৰা।
EMSL ৰ উপ-সভাপতি শীতল ছাপালে এই সন্দৰ্ভত কয়, এম্পাগ্লিফ্ল’জিনৰ পেটেণ্ট শেষ হোৱাৰ পাছত কেৱল এটা মাহত ১৯ টা কোম্পানীৰ ৮৬টা ব্ৰেণ্ড বজাৰত আহিছে। ইয়াৰ মূল্য প্ৰায় ৮৫ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। ফলত প্ৰতি টেবলেটৰ দাম ৬০-৭০ টকাৰ পৰা ৫-১৫ টকালৈ হ্ৰাস হৈছে।
সেইদৰে অ’বেচিটি ছেগমেণ্টতো অগ্ৰগতি হৈছে। ২০২৫ ৰ মাৰ্চত এই ছেগমেণ্টৰ মুভিং এ্যনুৱেল টাৰ্ণ’ভাৰ আছিল ৫৭৬ কোটি টকা। ইয়াৰ ভিতৰত কেৱল মাউনজাৰোৰেই অৱদান আছিল ১.৪।
২০২৪ ৰ এপ্ৰিলৰ ৰ পৰা ২০২৫ ৰ মাৰ্চলৈ এই সময়ছোৱাত ছেগমেণ্টটোৰ ৬৯ শতাংশ টাৰ্ণ’ভাৰৰ মূলত "চেমাগ্লুটাইড"ৰ বাবেই হৈছে। ছাপালে কয়, জীৱনশৈলীৰ সৈতে জড়িত ৰোগৰ বৃদ্ধি আৰু ৰোগীৰ ব্যয়ক্ষমতাৰ বৃদ্ধিয়ে এই ছেগমেণ্টক অধিক গতিসম্পন্ন কৰিছে।
মাৰ্চ মাহটোত ফাৰ্মা বজাৰ ৭.৫ শতাংশ মূল্য বৃদ্ধিৰ সৈতে অন্ত পৰিছে। চান ফাৰ্মা (১৪.৯ শতাংশ), টৰেণ্ট ফাৰ্মা (১৪.৭ শতাংশ), ইণ্টাছ ৯১২.৮ শতাংশ), আৰু জাইডাছ (১০.৮ শতাংশ) মূল্য বৃদ্ধিও বজাৰৰ এনে বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য আছিল।