ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১৫

ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১৫

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই মধ্যপ্ৰদেশৰল ৰীৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখ সংঘৰ্ষত সংঘটিত হোৱা এই দুৰ্ঘটনাত নিহত হৈছে প্ৰায় ১৫ জনকৈ যাত্ৰী। প্ৰাপ্তখবৰনুসৰি ৩০ জনকৈ লোক আহত হৈছে।

বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটো বাছ চালকৰ অত্যাধিক গতিৰে বাবেই হ'বলৈ পালে বুলি যাত্ৰী সকলে মন্তব্য কৰিছে।

উল্লেখ্য যে,বাছখনত মুঠ যাত্ৰী আছিল ৪৫ জন। বৰ্তমানেও আৰক্ষী আৰু উদ্ধাৰকাৰী দলে দুৰ্ঘটনাপতিত হোৱা স্থানত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in