/asomiyapratidin/media/media_files/2025/01/20/i2HpCdO7U8fIZYKaOzSt.jpg)
ডিজিটেল ডেস্কঃ আৰ জি কৰ মেডিকেল কলেজৰ যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাত দোষী সাব্যস্ত হোৱাৰ পিছতো মৃত্যুদণ্ডৰে দণ্ডিত নহ’ল সঞ্জয় ৰয়। আজি শিয়ালদহ আদালতে সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰেহে দণ্ডিত কৰিলে।
ন্যায়াধীশ অনিৰ্বাণ দাসৰ আদলতে সঞ্জয় ৰয়ক এই ঘটনাৰে দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পাছতে পুনৰ বংগত প্ৰতিবাদ আৰম্ভ হৈছে। আদালতৰ এই ৰায়ক লৈ সন্তুষ্ট নহয় ভুক্তভোগীৰ পিতৃ-মাতৃ, আত্মীয়, সতীৰ্থ, শাসক, বিৰোধী তথা সাধাৰণ জনতা।
সকলোৰে মাজত এই ৰায়ক সৈ অসন্তুষ্টি দেখা গৈছে। আজি এই ৰায় ঘোষণাৰ পাছতে আদলত চৌহদৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে। কিন্তু প্ৰশ্ন হ’ল ইমান জঘন্য অপৰাধ সংঘটিত কৰাৰ পাছতো কিয় মৃত্যুদণ্ডৰ শাস্তি নাপালে সঞ্জয়ে?
কিয় মৃত্যুদণ্ডৰ শাস্তি নাপালে সঞ্জয়ে?
আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ কনিষ্ঠ চিকিৎসকৰ যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনা 'বিৰলতম' ঘটনা নহয়। এই ঘটনা বিৰলতম ঘটনা নহয় বাবেই আদালতে অপৰাধী সঞ্জয় ৰয়ক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান নকৰিলে।
গোচৰটোত তদন্তৰ দায়িত্বত থকা চি বি আইয়ে এই ঘটনাক 'বিৰলতম' ঘটনা হিচাপে আদালতত প্ৰমাণ কৰিব নোৱাৰিলে। যাৰ বাবে অপৰাধী সঞ্জয়ক কেৱল যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ল বুলি ন্যায়ালয়ে উল্লেখ কৰিছে।
চি বি আইৰ ওপৰত ক্ষোভ ভুক্তভোগীৰ পৰিয়ালৰ
আজি ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাছতে দেশজুৰি এই ৰায়ক লৈ অসন্তুষ্টি পৰিলক্ষিত হৈছে। আনকি এই গোচৰৰ ৰায়ক লৈ প্ৰথমবাৰৰ বাবে শাসক, বিৰোধী সকলোকে অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছে।
আজি ন্যায়ালয়ে অপৰাধী সঞ্জয়ৰ শাস্তি ঘোষণা কৰাৰ পাছতে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে চি বি আইৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে চি বি আইৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি কয়, চি বি আইয়ে এই গোচৰ আটাইতকৈ 'বিৰল' বুলি প্ৰমাণ কৰাত ব্যৰ্থ হ’ল।
শনিবাৰেই দোষী সাব্যস্ত হৈছিল সঞ্জয়
অপৰাধী সঞ্জয়ক শিয়ালদহ আদালতে যোৱা শনিবাৰেই দোষী সাব্যস্ত কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ৬৪, ৬৬ আৰু ১০৩(১) ধাৰাৰ অধীনত তেওঁৰ দোষ প্ৰমাণিত হৈছিল।
সোমবাৰে, ন্যায়াধীশে অনিৰ্বাণ দাসে শাস্তি ঘোষণা কৰি কয়, সঞ্জয়ক তিনিওটা ধাৰাৰ অধীনত আজীৱন কাৰাদণ্ড দিয়া হৈছে। তেওঁ গোটেই জীৱন কাৰাগাৰত থাকিব লাগিব। তেওঁ লগতে কয়, মৃত্যুদণ্ডৰ বাবে এই ঘটনাক আটাইতকৈ বিৰল ঘটনা বুলি বিবেচনা কৰিব পৰা নগ’ল।
মোৰ ছোৱালীৰ হত্যা, ধৰ্ষণ বিৰল নহয় নেকি?
ন্যায়াধীশ অনিৰ্বাণ দাসে গোচৰটোত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ৰ শাস্তি ঘোষণা কৰাৰ সময়ত এই ঘটনা 'বিৰল' নহয় বুলি কোৱাত ভুক্তভোগীৰ মাতৃয়ে প্ৰশ্ন কৰে। তেওঁ কয়, "চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত মোৰ ছোৱালীক ধৰ্ষণ কৰা হৈছিল। তেওঁক হত্যা কৰা হৈছিল। এইটো আটাইতকৈ বিৰল নহয় নেকি?''
তেওঁ চি বি আইকো সমালোচনা কৰে। তেওঁ কয়, ''দৰাচলতে, এয়া চিবিআইৰ বিফলতা। তেওঁলোকে এই ঘটনাটো বিৰলতম বুলি প্ৰমাণ কৰিব নোৱাৰিলে।’’ তেওঁ আৰু কয়, এই ঘটনা বিৰলত কৈ বিৰল ঘটনা।
আনহাতে আদালতে ভুক্তভোগীৰ আত্মীয়ক ১৭ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত পিতৃয়ে আদালতক কয়, "আমি ক্ষতিপূৰণ গ্ৰহণ নকৰো। আমি আমাৰ ছোৱালীক এনেদৰে বিক্ৰী কৰিব নোৱাৰো। মই টকা ল'ব নোৱাৰো। যদি পৰাধীক প্ৰকৃত শাস্তি দিয়া হয়, তেনে ছোৱালীজনীৰ আত্মাই শান্তি লাভ কৰিব।’’
এই ৰায়ৰ সন্দৰ্ভত আইনজ্ঞই কি কয়?
শিয়ালদহ আদালতে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ক আজীৱন কাৰাদণ্ডলৈ প্ৰেৰণ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া হৈছে। সকলোৱে ন্যায়ালয়কো সমালোচনা কৰিছে।
এই ৰায়ৰ সন্দৰ্ভত দিল্লীৰ প্ৰখ্যাত অধিবক্তা সিদ্ধাৰ্থ লুথৰাই সংবাদ মাধ্যমৰ আগত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, "আমাৰ ন্যায়িক ব্যৱস্থাত এইটো এটা নিয়ম যে বিৰলতম গোচৰতহে মৃত্যুদণ্ড দিয়া হয়।‘’
তেওঁ কয়, বিচাৰকজনে নিশ্চয় অপৰাধটোৰ প্ৰমাণ আৰু বৰ্বৰতা বিবেচনা কৰিছে। দ্বিতীয় কথা, তেওঁ নিশ্চয় দোষীৰ ব্যক্তিগত পৰিস্থিতি বিবেচনা কৰিছে। চি বি আইয়ে তেওঁলোকৰ আপীল দাখিল কৰিব পাৰে আৰু এই ৰায়ক প্ৰত্যাহ্বান জনাব পাৰে। অধিবক্তাগৰাকীয়ে আৰু কয়, ভুক্তভোগীৰ পৰিয়ালেও ৰায়টোৰ প্ৰত্যাহ্বান জনাব পাৰে। তেওঁলোকে মৃত্যুদণ্ডৰ দাবীৰে উচ্চ আদালতত প্ৰত্যাহ্বান জনাব পাৰিব।
#WATCH | Sealdah Court sends convict in RG Kar rape-murder case, Sanjay Roy to life imprisonment | Delhi: Advocate Sidharth Luthra says, "It is a norm in our judicial system that death sentence is given in rarest of the cases. The judge must have considered the evidence and… pic.twitter.com/OMBysS6r72
— ANI (@ANI) January 20, 2025