Advertisment

পুনৰ কোটাত শেষ হৈ গ'ল এক প্ৰতিভাঃ MBBS ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰই ল'লে চৰম সিদ্ধান্ত...

পুনৰ এগৰাকী মেধাৱী ছাত্ৰই নিজৰ জীৱন শেষ কৰি দিলে কোটাত। এম বি বিএছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ আত্মহত্যাৰ খবৰে পুনৰ দেশজজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। 

author-image
Tushar Pratim
New Update
পুনৰ কোটাত শেষ হৈ গ'ল এক প্ৰতিভাঃ MBBS ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰই  ল'লে চৰম সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ পুনৰ এগৰাকী মেধাৱী ছাত্ৰই নিজৰ জীৱন শেষ কৰি দিলে কোটাত। এম বি বিএছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ আত্মহত্যাৰ খবৰে পুনৰ দেশজজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। 

Advertisment

বিভিন্ন উচ্চ শিক্ষাৰ কোচিঙৰ বাবে বিখ্যাত ৰাজস্থানৰ কোটাৰ সেই পৰিচয় সলনি হৈছে। কোটাৰ পৰা ধাৰাবাহিকভাৱে অহা ছাত্ৰৰ অপমৃত্যুৰ খবৰৰ বাবেহে এতিয়া কোটা দেশজুৰি চৰ্চাত থাকে।

আজি পুনৰ সেই কোটাৰ পৰাই আহিল পূৰ্বৰ দৰেই এক আত্মহত্যাৰ খবৰ। অৱশ্যে এইবাৰ জে ই ই অথবা নীটৰ কোচিং গ্ৰহণ কৰা শিক্ষাৰ্থীয়ে নহয়, এইবাৰ কোটাত আত্মহত্যা কৰিলে এগৰাকী এম বি বি এছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰই।

ইতিমধ্যে ছাত্ৰজনে লিখি থৈ যোৱা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কোটাৰ মহাবীৰ নগৰৰ আৰক্ষী থানাৰ এ এছ আই মোহন লালে জনোৱা অনুসৰি আত্মহত্যা কৰা ছাত্ৰজনে এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে। তেওঁ জনোৱা মতে ছাত্ৰ জন যোৱা ৩ বছৰ ধৰি কোটাত আছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১১ ফেব্ৰুৱাৰীত নীটৰ প্ৰস্তুতি চলাই থকা ১৮ বছৰীয়া এজন ছাত্ৰয়েও পি জি ৰুমত চিপ লৈ আত্মহত্যা কৰিছিল। অংকুশ মীনা নামৰ সেই ছাত্ৰজনে অৱশ্যে কোনো চুইছাইড নোট লিখি থৈ যোৱা নাছিল। কোটাত এইদৰে বাৰে বাৰে ছাত্ৰই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশবাসীকে চিন্তিত কৰি ৰাখিছে।

উচ্চ শিক্ষা গ্ৰহণৰ বাবে আসন লাভৰ যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ চাপ সহিব নোৱাৰিয়েই এইদৰে ছাত্ৰই মানসিক ভাৱে দুৰ্বল হৈ চৰম পন্থা বাচি লোৱা বুলিয়েই সকলোৱে ধাৰণা কৰি আহিছে। অৱশ্যে এনে চাপ সহ্য কৰিব পৰাকৈ ছাত্ৰক মানসিক শক্তি দিয়াৰো চেষ্টা অব্যাহত ৰাখিছে একাংশ সচেতন লোকে। 

 

আত্মহত্যা ৰাজস্থান কোটা